অসম

assam

ETV Bharat / city

সুখবৰ ! অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্য - অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী

অসমৰ দৰ্শনাৰ্থীয়ে এতিয়াৰে পৰা চিৰিয়াখানাত দৰ্শন কৰিব পাৰিব জিৰাফ ৷ পাটনাৰ সঞ্জয় গান্ধী বায়'লজিকেল উদ্যান আৰু মহীশূৰৰ চিৰিয়াখানাৰ সৈতে সম্পন্ন জন্তুৰ বিনিময় চুক্তি অনুসৰি গড়ৰ বিপৰীতে জিৰাফ অনা হৈছে অসমলৈ ৷

অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্য, Assam State Zoo new Member
চিৰিয়াখানাৰ নতুন সদস্যটো

By

Published : Nov 30, 2019, 12:30 PM IST

গুৱাহাটী, 30 নৱেম্বৰঃ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন সদস্য ৷ বিগত কেইবা বছৰ ধৰি দৰ্শনাৰ্থীৰ পৰা বিৰত আছিল এই বিশেষ সদস্য ৷

চিৰিয়াখানাৰ নতুন সদস্যটো

এতিয়াৰে পৰা অসম ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে দেখিবলৈ পাব জিৰাফপাটনাৰ সঞ্জয় গান্ধী বায়'লজিকেল উদ্যানৰ সৈতে সম্পন্ন চুক্তি অনুসৰি অসম ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিছে জিৰাফ ৷ বিনিময়ত, অসমৰ পৰা সঞ্জয় গান্ধী বায়'লজিকেলউদ্যানে লাভ কৰিছে গড়৷ পাটনাৰ লগতে মহীশূৰৰ পৰাও একেই চুক্তিতে অনা হৈছে আন এটা মতা জিৰাফ ৷ শনিবাৰে আনুষ্ঠানিকভাৱে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব জিৰাফ দুটা ৷

অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী

উল্লেখ্য যে, বহুদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত অভাৱ ঘটিছিল বিভিন্ন জীৱ জন্তুৰ ৷ বৰ্তমান বন বিভাগে অন্য ৰাজ্যৰ চিৰিয়াখানাৰ সৈতে পাৰস্পৰিক চুক্তিৰে জীৱ জন্তু আনিছে ৰাজ্যিক চিৰিয়াখানালৈ ৷ যাৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে চিৰিয়াখানাত ৷

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কঃ প্ৰতিবাদত উত্তাল মিজোৰাম বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details