গুৱাহাটী, ১৮ জানুৱাৰী : মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সুবিধাৰ্থে এজন জিলা উপায়ুক্তক কাঢ়াকৈ কিবা এটা ক'বলগীয়া হৈছে - এই বক্তব্য ৰাজ্যিক বিজেপিৰ । নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে ধমকি দিয়া ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ দলেও মুখ্যমন্ত্ৰীকক কঠোৰ ভাষাৰে সমালোচনা কৰিছে (CM Himanta Bishwa Sarma angry on DC) ।
এই সন্দৰ্ভত মঙলবাৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰা হয় । সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ক্ৰমে ৰঞ্জীৱ কুমাৰ শৰ্মা, কল্যাণ গগৈ আৰু লক্ষ্য কোঁৱৰে । মুখপাত্ৰ কেইজনে কয় যে, ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত এগৰাকীক কাঢ়াকৈ কিবা এটা ক'বলগীয়া হৈছে । ইয়াক লৈ কংগ্ৰেছে মুখ্যমন্ত্ৰীক জবাবদিহি কৰাৰ পূৰ্বে তেওঁলোকে কৰা অপকৰ্মৰ উত্তৰ অসমৰ ৰাইজক দিয়ক ।
জনমুখী চৰকাৰখনৰ প্ৰশাসনীয় সংস্কাৰমূলক কাম-কাজত বিধি-পথালি নিদিয়াৰ বাবে মুখপাত্ৰকেইজনে কংগ্ৰেছক সকিয়াই দিয়ে । কংগ্ৰেছ দলে আনৰ কথা কোৱাৰ পূৰ্বে নিজকে চাওক । অসম চুক্তিৰ প্ৰসংগত তেওঁলোকে কয় যে, কংগ্ৰেছৰ দিনত অসম চুক্তিখনক পংগু কৰি ৰখা হৈছিল ।