অসম

assam

ETV Bharat / city

অসমত ভাৰতৰ প্ৰথমটো বহুমুখী আন্তৰ্জাতিক হাব - ভাৰত আৰু বাংলাদেশ

অক্টোবৰৰ 22 আৰু 23 তাৰিখে অসমত ভাৰত আৰু বাংলাদেশৰ অংশীদাৰীৰ বৈঠক ৷ বাণিজ্য চুক্তিৰ জৰিয়তে সজাগতা আৰু সুযোগ সৃষ্টিৰ লক্ষ্য ৷ ভাৰত,বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সামগ্ৰী পৰিবহণৰ বাবে চট্টগ্ৰাম আৰু মংলা বন্দৰক ব্যৱহাৰ কৰাৰ মৰ্যদাসম্পন্ন অপাৰেটিং পদ্ধতি ইতিমধ্যে সমাপ্ত হৈছে আৰু এই প্ৰক্ৰিয়াই ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰে অৰ্থনীতিৰ বাবে বিজয় বাৰ্তা কঢ়িয়াব

অসমত ভাৰতৰ প্ৰথমটো বহুমুখী আন্তৰ্জাতিক হাব

By

Published : Oct 17, 2019, 10:31 PM IST

গুৱাহাটী,17 অক্টোবৰ: অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বুধবাৰে অসমত ভাৰতৰ প্ৰথমটো বহুমুখী আন্তৰ্জাতিক হাব নিৰ্মাণ কৰা হ'ব বুলি জনায় ৷ মন্ত্ৰীজনে লগতে এছিয়ান ডেভলপমেন্ট বেংকৰ সাহায্য পুঁজিত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা ধনৰাশি প্ৰায় 600 কোটি বুলি প্ৰকাশ কৰে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোগীঘোপা চহৰক অসম,অৰুণাচল প্ৰদেশ,নাগালেণ্ডৰ পৰা বাংলাদেশলৈ যোৱা জাহাজৰ সামগ্ৰীৰ বাবে এক বন্দৰ তথা সামগ্ৰীৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কথাও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ তাৰোপৰি,বাংলাদেশৰ মুন্সীগঞ্জ টাৰ্মিনেলটোক কলকাতা বন্দৰৰ জৰিয়তে তৃতীয় পক্ষৰ ৰপ্তানি আৰু আমদানিৰ সামগ্ৰী পৰিচালনা কৰাৰ শুল্ক আস্থান হিচাপে ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰে ৷ সামগ্ৰীৰ ব্যয় আৰু বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ খৰচৰ ক্ষেত্ৰত দ্ৰুত হ্ৰাস অনাৰ বাবে ভাৰতীয় উপকূলীয় পৰিবহণ চুক্তি আৰু আভ্যন্তৰীণ নৌ পৰিবহণ তথা বাণিজ্য নীতিৰ আধাৰত এই বিষয়টো উত্থাপন কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷

এই প্ৰকল্পৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত বায়ু,জল,স্থল পৰিবহণৰ জৰিয়তে উমৈহতীয়া সুযোগ বৃদ্ধি কৰি দেশখনৰ সৈতে অৰ্থনৈতিক সহাৱস্থানৰ উন্নতিৰ উদ্দেশ্য সাধন কৰা হ'ব বুলিও মন্ত্ৰীজনে মন্তব্য কৰে ৷ ভাৰত,বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সামগ্ৰী পৰিবহণৰ বাবে চট্টগ্ৰাম আৰু মংলা বন্দৰক ব্যৱহাৰ কৰাৰ মৰ্যদাসম্পন্ন অপাৰেটিং পদ্ধতি ইতিমধ্যে সমাপ্ত হৈছে আৰু এই প্ৰক্ৰিয়াই ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰে অৰ্থনীতিৰ বাবে বিজয় বাৰ্তা কঢ়িয়াব বুলিও মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details