অসম

assam

By

Published : Apr 28, 2019, 9:11 PM IST

ETV Bharat / city

খিলঞ্জীয়াৰ স্বাৰ্থত অসম সন্মিলিত মহাসংঘৰ সংবাদমেল

দেওবাৰে অসম সন্মিলিত মহাসংঘই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে । এই সংবাদমেলতে মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে উচ্চতম ন্যায়ালয়ে ভিত্তিবৰ্ষ নিৰূপণক লৈ কৰা গোচৰৰ শুনানি প্ৰত্যাখ্যান কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । আবেদনখন কোনো কাৰণ নদৰ্শোৱাকৈ প্ৰত্যাখ্যান কৰাত অসমৰ জনগণ হতাশ হৈ পৰা বুলি মন্তব্য কৰে ৰহমানে ।

ASSAM SANMILITA MAHASANGHA'S PRESSMEET

গুৱাহাটী, ২৮ এপ্ৰিল: দেওবাৰে অসমৰ খিলঞ্জীয়াৰ সংকট সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে অসম সন্মিলিত মহাসংঘই । এই সংবাদমেলতে মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানীৰ গোচৰ প্ৰত্যাখ্যান কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । তেওঁ জনায় যে, ২০১৪ বৰ্ষতে সন্মিলিত মহাসংঘৰ লগতে আহোম সভা আৰু শ্বহীদ পৰিয়ালে ভিত্তিবৰ্ষ নিৰূপণক লৈ গোচৰৰ আবেদন কৰিছিল আৰু এই আবেদন উচ্চতম ন্যায়ালয়ে ৫ জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েও শীঘ্ৰে শুনানিৰ ব্যৱস্থা কৰিছিল যদিও আবেদনখন কোনো কাৰণ নদৰ্শোৱাকৈ প্ৰত্যাখ্যান কৰাত হতাশ হৈ পৰিছে অসমৰ জনগণ ।

ASSAM SANMILITA MAHASANGHA'S PRESSMEET

মহাসংঘৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে যে, যিহেতু ন্যায়াধীশ গগৈ কিছুদিনৰ পাছতে অৱসৰ ল'ব সেয়ে সমগ্ৰ বিষয়টোৰ মীমাংসা সময় থাকোতেই হোৱা হ'লে ভাল আছিল । নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা ৩০ লাখ নাম ৩১ জুলাইত ছপা আকাৰে প্ৰকাশ পোৱাৰ লগে লগে অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়াই চিৰকালৰ বাবে সকলো অধিকাৰ হেৰুৱাব । মহাসংঘৰ সদস্যসকলে প্ৰশ্ন কৰে যে, বিদেশীক স্বদেশী কৰাৰ পাছতহে সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত হ'ব নেকি? শেষত অনুৰোধ কৰি কয় যে, অসমৰ খিলঞ্জীয়াক ৰক্ষা কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে পুনৰ এবাৰ সমগ্ৰ বিষয়টো বিবেচনা কৰা উচিত ।

ABOUT THE AUTHOR

...view details