গুৱাহাটী, 2এপ্ৰিল : অসমীয়াৰ ভাষাক চূড়ান্তভাৱে অপমান কৰা যমুনামুখৰ বিধায়ক চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে মৌন হৈ আছে অসম সাহিত্য সভা (Assam Sahitya Sabha's silence over Sirajuddin Ajmal controversy) ৷ শুকুৰবাৰে অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ বিধায়ক জনে অসমীয়া ভাষাক চূড়ান্ত ভাৱে তুচ্ছ-তাচ্ছিল্য কৰাৰ 24 ঘন্টাৰ পাছতো এইপৰ্যন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অসম সাহিত্য সভা ৷
বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ মৌনতা অৱলম্বন অসম সাহিত্য সভাৰ উল্লেখ্য যে, অসম বিধানসভাৰ চৌহদত "অসমীয়া ভাষাক কোনে চিনি পায়, মই অসমীয়া ভাষা নকওঁ । অসমীয়া কেইটা আছে । আজমল ইন্টাৰনেচনেল মানুহ । এআইইউডিএফ ৰাষ্ট্ৰীয় দল । মই ইংৰাজীহে কম" এইবুলি অসমীয়া ভাষাৰ বিৰুদ্ধে তীৰ্যক মন্তব্য প্ৰকাশ কৰিছিল বিধায়ক চিৰাজউদ্দীন আজমলে (Sirajuddin Ajmals insult to Assamese language) ৷ এইদৰে অসমতে অসমীয়া ভাষাক অপমান কৰাৰ ফলত ক্ষোভিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷
ইতিমধ্যে অসমীয়া ভাষাক অপমান কৰা এআইইউডিএফৰ বিধায়কগৰাকীয়ে সামাজিক মাধ্যমযোগে অসমীয়াৰ জাতীয় স্বাভিমান অসম সাহিত্য সভাৰ আজীৱন সদস্য বুলি নিজকে স্পষ্টকৈ পৰিচয় দিছে । অসমীয়া জাতীয় সত্তাৰ আজীৱন সদস্য হৈয়ো অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা আজমলৰ সন্দৰ্ভত কিয় এইপৰ্যন্ত অসম সাহিত্য সভাই কোনোধৰণৰ পদক্ষেপ হাতত লোৱা নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷
এইক্ষেত্ৰত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক যাদৱ শৰ্মাই ‘‘ আমি এই বিষয়ত আজি মন্তব্য নিদিওঁ । কোনোবাই মাতৃভাষাক অপমানসূচক মন্তব্য কৰিলে অসম সাহিত্য সভাই তাৰ বিৰুদ্ধে মাত মাতিব । অন্য কামত ব্যস্ত থকা বাবেই এই বিষয়টো আজি মন্তব্য নিদিওঁ ৷ এই কথাবোৰ চাব লাগিব মই যিহেতু নতুন । 41 হাজাৰ আজীৱন সদস্য আছে । গতিকে একেষাৰতে আজীৱন সদস্য হয় বা নহয় কব নোৱাৰিম ’’ এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়ক :Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া