গুৱাহাটী, ৩০ জানুৱাৰী : অসম সাহিত্য সভা( (Assam Sahitya Sabha)ই প্ৰদান কৰি অহা চাৰিটাকৈ বঁটাৰ প্ৰাপকসকলৰ নাম দেওবাৰে ঘোষণা কৰা হয় Assam Sahitya Sabha announces winners of four awards) । বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, ছগনলাল জৈন বঁটা, নিজৰা কবি শৈলধৰ ৰাজেখাৱা বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা এই বছৰ চাৰি গৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হৈছে ।
প্ৰতি দুবছৰৰ মূৰ মূৰে অসম সাহিত্য সভাই প্ৰদান কৰি অহা বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক তথা আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড০ প্ৰফুল্ল মহন্তলৈ । এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু এক লাখ টকাৰ চেক ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে এই বঁটা জয়ন্ত বৰুৱা, জি এল আগৰৱালা, ৰাধিকা মোহন ভাগৱতীয়ে লাভ কৰিছিল । ৫ বছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা ছগনলাল জৈন বঁটা এইবাৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড০ শিৱনাথ বৰ্মনলৈ আগবঢ়োৱা হৈছে । বিগত ১০ টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক।