নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : অসমৰ এটা প্ৰখ্যাত পৰিয়ালত আজিৰ দিনটোতে জন্ম হৈছিল অসমীয়া সংগীতক এক বিশেষ ৰূপ প্ৰদান কৰা এগৰাকী মহান সুৰকাৰ তথা সংগীত শিল্পীৰ ৷ 1943 চনৰ 20 ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা এইগৰাকী মহান সুৰকাৰ আছিল জয়ন্ত হাজৰিকা৷ ভূপেন হাজৰিকা তথা সমৰ হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাক সৰুতে ঘৰত ৰাণা বুলি মাতিছিল যদিও ভূপেন হাজৰিকাই তেখেতক জয়ন্ত নাম দিছিল ৷ সৰুৰে পৰা জয়ন্ত হাজৰিকা এটা সঙ্গীতময় পৰিবেশত ডাঙৰ হৈছিল । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা আদিৰ দৰে মহান শিল্পীৰ পৰা তেওঁ সঙ্গীত চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰিছিল । নিচেই সৰু কালতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে শিল্পীৰো সান্নিধ্য লাভ কৰিছিল জয়ন্ত হাজৰিকাই ৷
"মই সূত্ৰগত ভাৱে সুৰ বিচাৰি নুফুৰোঁ ৷ সুৰ মই ভাল পাওঁ ৷ উৎস কি বা ক’ত থাকে সেয়া মই নিজেই নাজানো ৷ কাৰণ পৃথিৱী খনেই সুৰৰ তৰঙ্গৰে ভৰপূৰ ৷" এয়া আছিল ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাৰ মনৰ কথা ৷ জয়ন্ত হাজৰিকাই সৰুৰে পৰাই মাউথ অৰগেন বজাব পাৰিছিল ৷ ভূপেন হাজৰিকাৰ 'সাগৰ সঙ্গমত…' গীতটোত মাত্ৰ ন বছৰ বয়সতে তেওঁ গীটাৰ বজাইছিল ৷ জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেবাটাও বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল ৷ তেখেতে গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেবাটাও বাদ্যযন্ত্ৰ বজাব পাৰিছিল ৷ তেখেতৰ গীতত নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ডৰ সাল-সলনি তেখেতৰ বাদ্য বাদনৰ নিপুনতাৰ চিন ৷ তদুপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল ৷ একে সময়তে দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈ সক্ষম হোৱা মুষ্টিমেয় কেইগৰাকীমান সংগীতজ্ঞৰ ভিতৰৰ এজন আছিল জয়ন্ত হাজৰিকা ৷
জয়ন্ত হাজৰিকাৰ সংগীত অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনি আছিল ৷ পশ্চিমীয়া সংগীতৰ সংযোজন আছিল জয়ন্ত হাজৰিকাৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য ৷ মুখ্ৰা আৰু অন্তৰাৰ অপৰম্পৰাগত সংগীতৰ প্ৰয়োগ তেখেতৰ আন এক বৈশিষ্ট্য ৷ জয়ন্ত হাজৰিকাৰ সংগীতৰ লগত গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰ এক সুৱৰ্ণ সংযোগ ঘটিছিল ৷ এই জুতিয়ে সৃষ্টি কৰা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয় ৷ নিজৰ ৩৪ বছৰীয়া চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে ৷ তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰাৰ লগতে তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুঃস্থানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ'ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ ঘটিছিল ৷ সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে ৷ ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থকাৰ লগতে তেখেতৰ সংগীতৰ ধাৰা আজিও অৱধাৰিত হৈ আছে ৷