গুৱাহাটী, 13 মে’: নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ মতে, সমগ্ৰ দেশৰ ভিতৰতে অসমত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সৰ্বাধিক (Assam registers highest cases under sedition law ) । ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱা ভাৰতীয় দণ্ডবিধিৰ 124 ধাৰাটোক (SC ruling on Section 124A) বিগত 11 মে'ত এক ৰায়যোগে কেন্দ্ৰীয় চৰকাৰে পুনৰ বিবেচনা নকৰা পৰ্যন্ত এই আইনৰ প্ৰয়োগ স্থগিত ৰাখিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা আগবঢ়াইছিল (SC orders to keep sedition law in abeyance) ৷ এই সিদ্ধান্তই স্বাভাৱিকতে প্ৰাসংগিকতা প্ৰদান কৰিছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ এই তথ্যক ।
ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিব খোজা বা বহিঃ কিম্বা আভ্যন্তৰীণ নিৰাপত্তাক বিঘ্নিত কৰিব বিচৰা প্ৰৱণতাক কলিতেই প্ৰতিহত কৰিবলৈ বিচৰালোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 124 নং ধাৰাৰ (Section 124 A of the IPC) অধীনত ৰুজু কৰা হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ । দেশে স্বাধীনতা লাভ কৰাৰ আগৰে পৰা এই পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অব্যাহত বিচ্ছিন্নতাবাদী চিন্তা -চেতনাক প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰ -ৰাজ্য উভয় চৰকাৰে প্ৰায়ে কঠোৰ নীতি লৈ আহিছে ।
এনে কঠোৰতাৰ বলি হ'ব লগা গৈছে বহু সংখ্যক নিৰীহ নাগৰিক । আনহাতে, এনে গোচৰৰ নিষ্পত্তিৰ হাৰো অতি নিম্ন । 2019 চনৰ বৰ্ষত ৰুজু হোৱা সৰ্বাধিক সংখ্যক এনে গোচৰৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত নিষ্পত্তিৰ হাৰ আছিল মাত্ৰ 3 শতাংশ । এনে পৰিস্থিতিকে আঙুলিয়াই বিশিষ্ট কংগ্ৰেছ নেতা তথা অধিবক্তা কপিল ছিবালে দাখিল কৰা এক আবেদনৰ বিপৰীতে ৰায় দি উচ্চতম ন্যায়ালয়ে এই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱা ভাৰতীয় দণ্ডবিধিৰ 124 নং ধাৰাটোকেই দণ্ডবিধিৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছে ৷ যি দেশৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ ৰায় বুলি বিবেচিত হৈছে ।
মনকৰিবলগীয়া যে, নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ তথ্য অনুসৰি, 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত প্ৰথমখন চৰকাৰৰ আমোলৰ পৰা 2020 পৰ্যন্ত মুঠ 399 টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে । ইয়াৰ ভিতৰত সৰ্বাধিক 66 টা গোচৰে ৰুজু হৈছে অসমত । গোচৰৰ সংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত ঝাড়খণ্ড, তৃতীয়ত কৰ্ণাটক, চতুৰ্থত হাৰিয়ানা আৰু পঞ্চমত আছে জম্মু-কাশ্মীৰ ।