নিউজ ডেস্ক, 28 জানুৱাৰী :ৰাজ্যত বৃহস্পতিবাৰে 3,677 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি (Covid positive Cases in Assam) ধৰা পৰে আৰু 20 জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা 7,08,530 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,379 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 35,175 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 8.28 ৷
কামৰূপ মহানগৰীত সৰ্বাধিক 786 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ কামৰূপ গ্ৰাম্যত 180 গৰাকী, গোৱালপাৰাত 175 গৰাকী আৰু গোলাঘাটত 168 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, ওদালগুৰিত 3 গৰাকী, বিশ্বনাথ, দৰং, কৰিমগঞ্জ, শোণিতপুৰ, তিনিচুকীয়া জিলাত দুজনকৈ আৰু বৰপেটা, কাছাৰ, ডিব্ৰুগড়, কামৰূপ মহানগৰ, কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷