গুৱাহাটী, ১৮ জুন:দেশজুৰি নতুন অগ্নিপথ আঁচনিক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে (Protest over Agnipath Scheme)। কোনো কোনো ৰাজ্যত এই আঁচনিক লৈ চলা প্ৰতিবাদে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সামন্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।
শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অগ্নিপথৰ বিৰোধীতা কৰি প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় নল’বলৈ অসমৰ যুৱক যুৱতীক আহ্বান জনায় (Assam Pradesh Congress opposes Agnipath Scheme) ।
লগতে দেশত অগ্নিপথ আচঁনিয়ে অগ্নিশিখা সৃষ্টি কৰিব বুলি মন্তব্য কৰি এই আঁচনিয়ে আভ্যন্তৰীণ নিৰপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বুলি কয় ৰাণা গোস্বামীয়ে । লগতে উত্তৰ পূৱৰ বাবে এই আঁচনি ভয়ানক বুলিও মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে । লগতে অগ্নিপথৰ জৰিয়তে যিসকলে চাকৰি লাভ কৰিব তেওঁলোকে চাকৰিৰ পৰা অৱসৰ পিছত উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ আশংকা প্ৰকাশ কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনোৱা অনুসৰি অগ্নিপথৰ জৰিয়তে এনেদৰে নিযুক্ত ৭৫ শতাংশ জোৱানে 4 বছৰ পিছত কৰ্ম সংস্থাপন হেৰুওৱাৰ পিছত সেই সকল জোৱানক অসম চৰকাৰে অসম পুলিচত সংস্থাপিত কৰিব ।