গুৱাহাটী, 8 ডিচেম্বৰ : ৰাজ্যখনৰ আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে পূর্ণ প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছে(Preparations for upcoming municipal elections)। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ পৌৰ সভা এলেকাসমূহত নিৰ্বাচন পৰিচালনাৰ বাবে একোখনকৈ সমিতি গঠন কৰিবলৈ অধ্যক্ষ নিযুক্তি দিছে । বুধবাৰে গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ সভা(Important meeting of Pradesh Congress at India Club auditorium in Guwahati)ত পৌৰ এলেকাসমূহৰ বাবে নিযুক্ত কৰা অধ্যক্ষসকলক লৈ আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ববৰ্গ । ইতিমধ্যে 84 গৰাকী অধ্যক্ষ বাছনি কৰি নিযুক্তি প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে ।
বুধবাৰে অনুষ্ঠিত হোৱা এই সভাত প্ৰায় তিনিকুৰি নৱ নিযুক্ত অধ্যক্ষ উপস্থিত থাকে । পৰৱৰ্তী পৌৰসভা নিৰ্বাচনত কেনেধৰণৰ পদক্ষেপ হাতত লোৱা হ'ব, সেই বিষয়ে এই সভাখনত সম্পূৰ্ণ মুকলিকৈ আলোচনা কৰা হয় ৷ প্ৰদেশ কংগ্ৰেছৰ এই সভাত সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, দলৰ অন্যতম কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে দলৰ কেইবাগৰাকীও বিধায়ক, সাধাৰণ সম্পাদকদ্বয় অপূৰ্ব কুমাৰ ভট্টাচার্য আৰু বালিকা পেণ্ড, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, বিপুল গগৈ, সম্পাদিকা ৰূপা দেউৰীকে ধৰি ভালেসংখ্যক প্ৰদেশ কংগ্ৰেছৰ নেতা উপস্থিত আছিল ।
এই সভাত সভাপতি ভূপেন কুমাৰ বৰাই ভাষণ প্ৰদান কৰি উপস্থিত অধ্যক্ষসকলক মূলতঃ দলৰ সাংগঠনিক দিশটোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি প্ৰাৰ্থিত্ব বাছনিৰ ক্ষেত্ৰত সম্পূর্ণ স্বচ্চতা অৱলম্বন কৰিবলৈ আবেদন জনায়। লগতে অসম প্ৰদেশ কংগ্ৰেছে দলীয় পর্যায়ত ক্ষমতাৰ বিকেন্দ্ৰিকৰণ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এতিয়াৰে পৰা দলৰ সকলো সিদ্ধান্ত অধ্যক্ষ সকলৰ নেতৃত্বত গঠন হ'বলগীয়া কমিটীসমূহে সকলোৰে লগত আলোচনা কৰি থিৰাং কৰিব লাগিব বুলিও ভাষণত উল্লেখ কৰে সভাপতিগৰাকীয়ে ।