নিউজ ডেস্ক, 6 জুন: পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে দেওবাৰে 16 টাকৈ গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে (Assam police register 16 cases against PFI) ৷ ৰাজ্যখনত সক্ৰিয় হৈ থকা এনে ধৰণৰ আন গোটবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই বাংলাদেশৰ সন্ত্ৰাসবাদী গোটৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ অভিযোগ কৰিছে(PFI activities in assam) ৷ ইয়াৰ লগতে আৰক্ষীয়ে পি এফ আইৰ এটি শাখা তথা ছাত্ৰ সংগঠন কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ চি এফ আইৰ বিৰুদ্ধেও দুটাকৈ গোচৰ ৰুজু কৰিছে (Hiren Nath filed charge sheet)৷
বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথে জনোৱা মতে, সংগঠনটোৰ বিৰুদ্ধে বাকী গোচৰৰ তদন্ত চলি থকাৰ সময়তে 12 টা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে ৷ তেওঁ লগতে কয় যে, আৰক্ষীয়ে যোৱা 15 এপ্ৰিলত বৰপেটাত এটা গোচৰ দাখিল কৰিছিল আৰু বাংলাদেশৰ আনচাৰুল্লা বাংলা সংগঠনৰ মকিবুল হুছেইনসহ 16 জনক গ্ৰেপ্তাৰ কৰিছিল (Maqibul Hussain arrest news) ৷ জেৰাৰ সময়ত মকিবুল হুছেইনে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে, তেওঁ পি এফ আইৰ বৰপেটা জিলা শাখাৰ সভাপতি ৷
‘‘বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলাৰ সৈতে পি এফ আইৰ গাঢ় সম্পৰ্ক থকাৰ প্ৰমাণ আমি লাভ কৰিছোঁ ৷ মকিবুল হুছেইনে পি এফ আইৰ হৈ নামনি অসমত ব্যাপক হাৰত কাম কৰিছিল আৰু তেওঁৰ আনচাৰুল্লাহ বাংলাৰ সৈতেও সম্পৰ্ক আছিল (Bangladesh based Ansarullah Bangla Team) ৷ হুছেইনে মেহদি হাছানৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল ৷’’ এই কথা প্ৰকাশ কৰিছে এ ডি জি পি হীৰেন নাথে ৷