গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল । ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি এক সংবাদমেল সদৰী কৰে এই কথা ৷ তেওঁ সংবাদমেলত জানিবলৈ দিয়া অনুসৰি, ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ কাহিলিপাৰা চতুৰ্থ এ পি বি এনত ।
আৰক্ষীৰ কেইবাটাও বিভাগৰ বাবে ৫,২৬২ টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা । এই পদৰ বাবে আবেদন কৰিছিল ৭,০৭,৩২৮ গৰাকী প্ৰাৰ্থীয়ে । নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে ৫,২০০ গৰাকী প্ৰাৰ্থী । ইয়াৰ ভিতৰত ৪,৪৯৩ পুৰুষ আৰু ৭০৭ গৰাকী মহিলা । বৰ্তমানো খালী হৈ ৰৈছে ৬২ পদ । অহা ২২ ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব ।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, নিযুক্তি পৰীক্ষাত(Assam Police SI exam) আৰক্ষী উপ পৰিদৰ্শকৰ(UB) বাবে মুঠ পদ আছিলে ৩০৬ । আবেদন কৰিছিল ১,২৯,২৪৭ গৰাকী প্ৰাৰ্থীয়ে । ৩০৬ টা পদত প্ৰাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে আৰক্ষী উপ পৰিদৰ্শকৰ(AB) ৰ বাবে পদ আছিলে ৩২০ টা ৷ ইয়াৰ ২৭৮ টা পূৰণ হৈছে ৪২ টা পদ খালী ৰৈছে । ৭০,৩৯৬ গৰাকী প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিছিল ।
আনহাতে কনিষ্টবলৰ ২,১৩৪ টা পদৰ বাবে আবেদন কৰিছিল ৩,১৩,৮০০ গৰাকী প্ৰাৰ্থীয়ে(Assam Police constable Recruitment ) । ইয়াৰে ২,১৩৪ টা পদ পূৰণ হৈছে । কনিষ্টবলৰ (AB) পদ আছিল ২,৪৫০ আৰু আবেদন কৰিছিল ১,৯৩,৪৬৩ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ২,৪৪২ টা পদ পূৰণ কৰা হৈছে ৮ টা পদ খালী ৰৈছে । একেদৰে Asstt. deputy controller civil Defenc(JR), Civil defence demonstrator/ PBX/operator/wireless operator বাবে পদ আছিলে ৫২ টা ৷