নিউজ ডেস্ক, 19 আগষ্ট :আৰম্ভ হৈছে অসম পুলিচত নিযুক্তি প্ৰক্ৰিয়া ৷ ইচ্ছুক প্ৰাৰ্থীসকলে কৰিব পাৰিব অসম পুলিচৰ প-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে, অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে(Assam State Level Police Recruitment Board) ঘোষণা কৰিছে যে, চেপ্টেম্বৰত ২০১৮ চনৰ অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ বাবে শাৰীৰিক মানদণ্ডৰ আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PST/PET) পুনৰ আৰম্ভ কৰা হ'ব । যাৰ বাবে প্ৰাৰ্থীসকলে slprbassam.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জাননীখন লাভ কৰিব ৷
উল্লেখ্য যে, অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত ১৫ খন জিলাত কনিষ্টবল পিইটি/পিএছটি ৰাউণ্ড বন্ধ কৰি দিয়া হৈছিল । কিন্তু, বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে এক জাননী ৷ অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা জাননি অনুসৰি, 1 চেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 15 খন জিলাতে PET/PST পৰীক্ষা অনুষ্ঠিত হ'ব ।
এই জাননীখনত উল্লেখ থকা অনুসৰি, PET/PST পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলা 15 খন হৈছে-
1) বিশ্বনাথ
2) চিৰাং
3) দৰং
4) ধেমাজি
5) ধুবুৰী
6) হাইলাকান্দি
7) হোজাই