গুৱাহাটী, 28 ছেপ্টেম্বৰঃ নিযুক্তি কেলেংকাৰীয়ে বাৰুকৈয়ে জোঁকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেওঁক এই গুৰু দায়িত্বভাৰ অৰ্পণ কৰে । উল্লেখযোগ্য যে, প্ৰশ্নকাকত ফাদিলৰ পিছত ইয়াৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ পৰিষদৰ অধ্যক্ষ প্ৰদীপ কুমাৰে দেওবাৰে পদত্যাগ কৰিছিল ।
আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত - অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ নতুন অধ্যক্ষ
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিচতে ইয়াক লৈ অব্যাহত আছে চৰ্চা ৷ এনে অৱস্থাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক ৷
আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত
আনহাতে, মহন্তক আজি পৰিষদৰ অধ্যক্ষ নিযুক্তি দিয়াৰ উপৰিও অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙক পৰিষদৰ সদস্য সচিব, অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণয় আৰু আৰক্ষী মহাপৰিদৰ্শক হীৰেন নীথক সদস্য হিচাপে নিযুক্তি দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে লগতে 20 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ নিকা আৰু স্বচ্চতাৰে উপ পৰিদৰ্শকৰ পৰীক্ষা পুণৰ অনুষ্ঠিত কৰিবলৈ নতুন পৰিষদখনক নিৰ্দেশ দিছে ।
লগতে পঢ়ক :পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে ৰুজু হ’ব গোচৰ:ভাস্কৰজ্যোতি মহন্ত