গুৱাহাটী, ২৪ মে':দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । ৰাজ্যত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা । চৰকাৰী নিৰ্দেশাৱলী অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো হৈছে বাধ্য়তামূলক । কিন্তু ইয়াৰ মাজতেই পোহৰলৈ আনিছে ৰাজ্যবাসীৰ কাণ্ড-জ্ঞানহীনতাৰ এক নমুনা । কাৰণ লক্ ডাউনৰ মাজতে বিগত ৯ টা দিনতৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ২৫ লাখ ১৯ হাজাৰ ৫০০ টকাৰ জৰিমনা ৷ য’ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে সৰ্বাধিক ৬ লাখ ৫৩ হাজাৰ টকা । ১৩ মে’ৰ দিনা সৰ্বাধিক সংগ্ৰহ হৈছিল ৬৫,৫০০ টকা ৷
উল্লেখ্য যে, ১৩ মে'ৰ পৰা অসম চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল ৷ ইয়াৰ পাচতেই এই আইন আমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী আৰু প্ৰশাসনৰ নীতি-নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ আইনী ব্যৱস্থা ৷
আনহাতে বাহনৰ ক্ষেত্ৰত নিয়ম উলংঘা কৰা লোকৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিছে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকা জৰিমনা ৷ লগতে মুঠ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ২৮,৫০২ খন ৷ ইয়াৰ ভিতৰত দুচকীয়া বাহন ২৫,৩৯৫ খন আৰু চাৰিচকীয়া বাহন আছে ২,৪১৮ খন ৷ ইয়াৰ উপৰি গোচৰ ৰুজু কৰা হৈছে ২,৪১৩ জন লোকৰ বিৰুদ্ধে ৷ আটক কৰা হৈছে ৪,৫২৬ জনক ৷ ইপিনে দেশীয় নাও ২৩ খন আৰু মেচিন নাও ১১ খন জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷