অসম

assam

ETV Bharat / city

মাউণ্ট এভাৰেষ্ট আৰোহণ অসম সন্তান হেদায়েত আলীৰ - worlds highest peak Mount Everest

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিলে আন এজন অসমীয়াই(Assamese to climb Mount Everest) ৷ বৃহস্পতিবাৰে পুৱা ভাৰতীয় সময় মতে ৭.৩০ বজাত মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে আমেৰিকা নিবাসী অসম সন্তান হেদায়েত আলীয়ে ৷

Assam origin Hedayet Ali climbs mount everest
মাউণ্ট এভাৰেষ্ট আৰোহণ অসম সন্তান হেদায়েত আলীৰ

By

Published : May 12, 2022, 12:23 PM IST

Updated : May 12, 2022, 12:48 PM IST

নিউজ ডেস্ক, 12 মে’ : আমেৰিকা নিবাসী অসম সন্তান হেদায়েত আলীয়ে বৃহস্পতিবাৰে পুৱা বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত আৰোহণ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে(Assam origin Hedayet Ali climbs mount everest) । আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰ নিবাসী আলীৰ ঘৰ কামৰূপ জিলাৰ হাজোত । উচ্চ শিক্ষিত আলীয়ে বহু বছৰৰ পৰাই কৰ্মসূত্ৰে কেলিফৰ্ণিয়া চহৰত আছে ।

আলীয়ে যোৱা এপ্ৰিল মাহৰ ৯ তাৰিখে এভাৰেষ্টলৈ তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল । বৃহস্পতিবাৰে পুৱা ভাৰতীয় সময় মতে ৭.৩০ বজাত আলীয়ে মাউন্ট এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হয় ।

মাউণ্ট এভাৰেষ্ট আৰোহণ অসম সন্তান হেদায়েত আলীৰ

উল্লেখ্য যে, ২০১৩ চনৰ মে মাহৰ ১৮ তাৰিখে অসমৰ তৰুণ শইকীয়াই মাউন্ট এভাৰেষ্টত আৰোহন কৰিবলৈ সক্ষম হৈছিল । শইকীয়া বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট(World's highest peak Mount Everest) জয় কৰা প্ৰথমগৰাকী অসমীয়া । তৰুণ শইকীয়াৰ এভাৰেষ্ট জয়ৰ কিছুদিন পাছতেই গুৱাহাটী নিবাসী মনীষ ডেকাই এভাৰেষ্টত আৰোহণ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক :ইষ্ট ডেইৰী কো-অপাৰেটিভ কনক্লেভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 12, 2022, 12:48 PM IST

ABOUT THE AUTHOR

...view details