অসম

assam

চাৰিগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

By

Published : Mar 13, 2022, 9:30 PM IST

টাইকোৱাণ্ডো খেলুৱৈ অভিনন্দন গোস্বামী, মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত পদক জয়ী ছানমা ব্ৰহ্ম আৰু চিৰঞ্জিত বড়ো আৰু ইণ্ডো আৰবিয়ান গেটৱে’ মুম্বাই চাৰ্কল সাঁতোৰা উত্তৰ পূবৰ প্ৰথমজন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন (Assam Olympic Association felicitated four international players ) ।

Assam Olympic Association felicitated four international players
চাৰিগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

গুৱাহাটী, ১৩ মাৰ্চ :ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ টাইকোৱাণ্ডো খেলুৱৈ অভিনন্দন গোস্বামী, মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত পদক জয়ী ছানমা ব্ৰহ্ম আৰু চিৰঞ্জিত বড়ো আৰু ইণ্ডো আৰবিয়ান গেটৱে’ মুম্বাই চাৰ্কল সাঁতোৰা উত্তৰ পূবৰ প্ৰথমজন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক (Swimmer Elvis Ali Hazarika) দেওবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায় (Assam Olympic Association felicitated four international players ) । ।

চাৰিগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

এই উপলক্ষ্যে সন্থাৰ কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে নৱ প্ৰজন্মক নিচামুক্ত কৰি ৰখাৰ একমাত্র উপায় হ’ল ক্ৰীড়া। তদুপৰি ক্ৰীড়াবিদসকলক সহায় কৰাৰ বাবে এটা ব্যৱস্থা সৃষ্টি কৰিব লাগিব বুলি উল্লেখ্য কৰে বিধায়কজনে ৷

এই বিষয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত সম্বৰ্ধিত খেলুৱৈসকলৰ পিতৃ-মাতৃৰ লগতে অসম অলিম্পিক সন্থাৰ ৰিতুবৰণ শৰ্মা, কল্যাণ গগৈ, সঞ্জীৱ সন্দিকৈ, প্ৰণয় বৰদলৈ, অৰুণজ্যোতি মৰাণ, বিষ্ণুৰাম নুনিছা, মুৰলীধৰ চৌধুৰী আদি কেইবাগৰাকী বিষয়ববীয়াসকল উপস্থিত আছিল। উল্লেখ্য যে ঘৰত অনুশীলন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই অভিনন্দন গোস্বামীক অনুষ্ঠানতে টাইকোৱানডোৰ ক্ৰীড়া সামগ্রী প্ৰদান কৰে।

উল্লেখ্য যে, এলভিছ আলি হাজৰিকাই নতুন অভিলেখ সৃষ্টিৰে ৫৩ ঘণ্টাত ভাৰত-আৰৱ গেটৱে, মুম্বাই চাৰ্কল সাঁতুৰি যোৱা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী সাঁতোৰবিদ। আনহাতে ছানমা ব্ৰক্ষ্ম মস্কোত অনুষ্ঠিত ষ্টাৰ উশ্বু ছেম্পিয়নশ্বিপত ছিনিয়ৰ শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক জয়ী। সেইদৰে চিৰঞ্জিত বড়ো মস্কোত অনুষ্ঠিত ষ্টাৰ উশ্বু ছেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক জয়ী। ইফালে অভিনন্দন গোস্বামী ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকলৈ নিৰ্বাচিত টাইকোৱাণ্ডো খেলুৱৈ।
লগতে পঢ়ক :বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details