অসম

assam

By

Published : May 27, 2020, 11:37 PM IST

ETV Bharat / city

ভয়ংকৰঃ ৰাজ্যত গৰাখহনীয়াত জাহ গ'ল ৪ লাখ ২৭ হেক্টৰ ভূমি

ৰাজ্যৰ জলসম্পদ বিভাগৰ তথ্য মতে, প্ৰতি বছৰে ৰাজ্যত গড়ে ৮ হাজাৰ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈ আহিছে । ভয়ংকৰ তথ্যটো হ'ল- ১৯৫৪ চনৰ পৰা ২০১৯ চনলৈ অসমত গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ গৈছে ৪ লাখ ২৭ হেক্টৰ ভূমি ।

ভয়ংকৰঃ ৰাজ্যত গৰাখহনীয়াত জাহ গ'ল ৪ লাখ ২৭ হেক্টৰ ভূমি
ভয়ংকৰঃ ৰাজ্যত গৰাখহনীয়াত জাহ গ'ল ৪ লাখ ২৭ হেক্টৰ ভূমি

গুৱাহাটী, ২৭ মে' :বানপানীতকৈও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ গৰাখহনীয়াই । বানে প্ৰতিবছৰে ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰিলেও সেই ক্ষয়-ক্ষতিৰ পুণৰ নিৰ্মাণৰ অৱকাশ থাকে । কিন্তু খহনীয়াত জাহ যোৱা লাখ-লাখ হেক্টৰ ভূমি কেতিয়াও আৰু পুনৰুদ্ধাৰ কৰিব পৰা নাযাব ।

ৰাজ্যৰ জলসম্পদ বিভাগৰ তথ্য মতে, প্ৰতি বছৰে ৰাজ্যত গড়ে ৮ হাজাৰ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈ আহিছে । ভয়ংকৰ তথ্যটো হ'ল, ১৯৫৪ চনৰ পৰা ২০১৯ চনলৈ অসমত গৰাখহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ গৈছে ৪ লাখ ২৭ হেক্টৰ ভূমি ।

বিশেষকৈ, হাজোৰ চাটলাবাৰীত পুঠিমাৰী নদীয়ে, নগাঁৱৰ বৰঘূলি, দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ, বৰক্ষেত্ৰীৰ লাৰকুচি আদি ঠাইত ব্ৰহ্মপুত্ৰ নদীয়ে, লখিমপুৰৰ চেনীমৰা ঘাটত সোৱনশিৰি নদীয়ে ভয়ংকৰভাবে অব্যাহত ৰাখিছে খহনীয়া । ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বাহিৰে ৰাজ্যত প্ৰবাহিত হৈ আছে ১২১ খন উপ-নৈ । ইয়াৰে বেছিভাগ নদীয়েই চলাইছে খহনীয়া ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অসমৰ গৰাখহনীয়া ৰোধৰ বাবে এচিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিছিল ১৫০ মিলিয়ন মাৰ্কিন ড'লাৰ । সেই ধনেৰে প্ৰথম পৰ্যায়ত ডিব্ৰুগড়, পলাশবাৰী, ডুনী, কাজিৰঙা আদিত আৰম্ভ কৰা হৈছিল খহনীয়া ৰোধৰ কাম । ২০১৫ চনতেই এই কাম আৰম্ভ কৰা হৈছিল । উল্লেখ্য যে ৰাজ্যৰ ১,০১৯ টা অঞ্চল খহনীয়া ৰোধ আঁচনিৰ বাবে ইতিমধ্যে চিনাক্ত কৰা হৈছে ।

ভয়ংকৰঃ ৰাজ্যত গৰাখহনীয়াত জাহ গ'ল ৪ লাখ ২৭ হেক্টৰ ভূমি

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে, সম্প্ৰতি ডিব্ৰুগড়, পলাশবাৰী, ডুনী আৰু কাজিৰঙাত খহনীয়া ৰোধৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে । একেদৰে নগাৱঁৰ বৰঘূলি, বৰপেটাৰ চাফাকামাৰকে ধৰি কেতবোৰ অঞ্চলত স্পাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details