গুৱাহাটী, ২৮ আগষ্ট :অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনত শনিবাৰে হঠাৎ চলিল বুলডজাৰ । সুদীৰ্ঘ এটা দশকজুৰি নিৰ্মাণ কাৰ্য চলি আছিল বিশেষ ভৱনটোৰ ৷ অৱশেষত নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা অসম বিধানসভাৰ নতুন ভৱনটোৰ সমূখভাগ ইতিমধ্যে বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে । প্ৰাপ্ত খবৰ মতে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশতে ভাঙি পেলোৱা হৈছে এই নতুন ভৱনটোৰ সমূখৰ অংশ ।
অধ্যক্ষ গৰাকীৰ মতে এই ভৱনটো যিহেতু প্ৰায় দহ বছৰ পূৰ্বৰে পৰাই নিৰ্মাণ চলি আছিল গতিকে বৰ্তমানৰ সময়ৰ সৈতে খাপ খাব পৰাকৈ ই নিৰ্মাণ হৈ উঠা নাই । যাৰ বাবে সমূখৰ অংশটো ভাঙি এতিয়া ভৱনটো নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত বিধানসভাৰ অন্তিম অধিবেশনৰ অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকা এই নতুন ভৱনতে সম্পন্ন কৰা হৈছিল ।