অসম

assam

ETV Bharat / city

বিশিষ্ট সংগীত পৰিচালক জিতু-তপনক "অসম জাতীয় বিদ্যালয় সন্মান" - assam jatia vidyalaya award news

নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্তৰৰ দশকৰ জনপ্ৰিয় সংগীত পৰিচালক যুটিক প্ৰদান কৰা হল এই সন্মান ৷

বিশিষ্ট সংগীত পৰিচালক জিতু-তপনক অসম জাতীয় বিদ্যালয় সন্মান

By

Published : Nov 3, 2019, 11:35 PM IST

গুৱাহাটী, 3 নৱেম্বৰ: শনিবাৰে মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত দুদিনীয়া কাৰ্যক্ৰমনিকাৰে আৰম্ভ হোৱা বাৰ্ষিক অনুষ্ঠানৰ অন্তিম দিনা "গীত মাতৰ গধূলি"ত সুযোগ্য অসম সন্তান তথা যস্বশী সংগীত পৰিচালক জিতু-তপনক প্ৰদান কৰা হল 2019 বৰ্ষৰ অসম জাতীয় বিদ্যালয় সন্মান ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি অসম জাতীয় বিদ্যালয় সন্মান গ্ৰহণ কৰিলে সত্তৰৰ দশকৰ বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক যুটি জিতু-তপনে ৷

উল্লেখযোগ্য যে, বিগত 14 বছৰৰ পৰাই অসম জাতীয় বিদ্যালয় ন্যাসে নিৰলস আৰু প্ৰচাৰ বিমুখ ভাবে অসমীয়া শিল্প, সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া, ছৱি আদিৰ ক্ষেত্ৰখনত কাম কৰি অহা অসম সন্তানক এই সন্মান প্ৰদান কৰি আহিছে ৷ দেওবাৰে জাতীয় বিদ্যালয়ৰ জনাকীৰ্ণ বাকৰিত এই সন্মান গ্ৰহণ কৰি অভিভূত আৰু আবেগিক হৈ পৰে বৰ্তমান মুম্বাইৰ স্থায়ী বাসিন্দা সংগীত পৰিচালক যুটি জিতু-তপন যাৰ আচল নাম হল জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্য ৷

বিশিষ্ট সংগীত পৰিচালক জিতু-তপনক অসম জাতীয় বিদ্যালয় সন্মান

সত্তৰৰ দশকত কমেও ত্ৰিশখন হিন্দী কথাছবিত সংগীত পৰিচালক হিচাপে কাম কৰা এই সংগীত পৰিচালক যুটিৰ পৰিচালনাত বহু গীতত কন্ঠদান কৰিছিল লতা মংগেশকাৰ, কিশোৰ কুমাৰ, মহম্মদ ৰফি, মুকেশ, অসম ৰত্ন ভূপেন হাজৰিকাৰ উপৰিও 90 দশকৰ জনপ্ৰিয় অলকা য়াগনিক, উদিত নাৰায়নৰ দৰে গায়কেও ৷

বৰ্তমানো প্ৰতিজন অসমীয়াই গুণগুনোৱা দুটা জনপ্ৰিয় গীত "অসমীৰে চোতালতে... " আৰু "" এইখনি গাঁও আপোন আপোন... " এই কালজয়ী গীত দুটিও আছিল জিতু-তপনৰেই সৃষ্টি ৷ দেওবাৰৰ বিদ্যালয়খনৰ বাৰ্ষিক অনুষ্ঠানৰ অন্তিম দিনাৰ কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষাগুৰু সকলেও বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ।

ABOUT THE AUTHOR

...view details