গুৱাহাটী, 31 আগষ্ট: অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে (Crime against women in Assam)। শেহতীয়াকৈ National Crime Record Bureau ৰ তথ্যত অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ উদ্বেগজনক কথা প্ৰকাশ পাইছে (NCRB report 2022) । NCRB ৰ শেহতীয়া তথ্য মতে ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে (Rape cases in Assam) । ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰত প্ৰথম স্থানত আছে ।
National Crime Record Bureau ৰ তথ্য মতে 2021 চনত অসমত 47 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে (Rape case in Assam in 2021)। তাৰ বিপৰীতে 2021 চনত উত্তৰ প্ৰদেশ 48 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । উল্লেখ্য যে, National Crime Record Bureau ৰ তথ্য মতে 2020 চনত অসমত 46 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল । ইয়াৰ পৰা দেখা যায় যে অসমত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা বৃদ্ধি হৈছে ।
National Crime Record Bureau ৰ তথ্য মতে অসমত 2020 চনত মহিলাৰ বিৰুদ্ধে মুঠ 26,352 টা বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 2021 চনত অসমত মহিলাৰ বিৰুদ্ধে মুঠ 29,046 টা বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈছে । অসমত এটা বছৰত 2500 তকৈ অধিক মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে (Total crime against women in Assam in 2021)।