নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ:পুনৰ অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত (Central Government deputation) যাবলৈ ওলাইছে অসম-মেঘালয় কেডাৰৰ দুগৰাকী শীৰ্ষ আই এ এছ বিষয়া (Assam Meghalaya cadre IAS) ৷ সকলো যদি ঠিকে ঠাকে থাকে তেন্তে চলিত মাহৰ ভিতৰতে হয়তো দুয়োগৰাকী আই এ এছ বিষয়াই অসম এৰিব ৷ এই দুই শীৰ্ষ আই এ এছ বিষয়া হ'ল ক্ৰমে ছৈয়দিন আব্বাছী (IAS Sayad Abbasi) আৰু নীৰজ বাৰ্মা (IAS Niraj Barma) ৷
অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া নীৰজ বাৰ্মাই সম্প্ৰতি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ ইয়াৰ উপৰি নতুন দিল্লীৰ অসম ভৱনৰ (Assam Bhavan Delhi) আৱাসিক আয়ুক্তৰ অতিৰিক্ত দায়িত্বতো আছে নীৰজ বাৰ্মা ৷
আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত দিল্লীলৈ যাবলৈ ওলোৱা আনগৰাকী আই এ এছ বিষয়া ছৈয়দিন আব্বাছী বৰ্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপৰিও জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদত অধিস্থিত হৈ আছে ৷