অসম

assam

ETV Bharat / city

কেতিয়া অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ! - শিক্ষাৰ্থী

পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আছু আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই।

Assam Higher secondary final exam will be held 15 to20 july Declared By chairman
কেতিয়া অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষা !

By

Published : Jun 11, 2021, 11:02 PM IST

গুৱাহাটী,১১ জুন : সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চলি থকা বিভিন্ন চৰ্চাৰ মাজতেই শুকুৰবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰিস্থিতি ঠিক হ'লে ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত হ’ব বুলি জানিবলৈ দিয়ে ।

অধ্যক্ষ বৰুৱাই কয় যে, মুখ্যমন্ত্রীয়ে ইতিমধ্যেই কৈছে যে, ক'ভিড আক্ৰান্তৰ হাৰ ২ শতাংশলৈ কমিলে ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা। সকলো কথা পৰিৱেশ-পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিছে । আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছো । 'আছু আৰু নিখিল বড়ো ছাত্র সন্থাৰে হোৱা আলোচনাৰ প্ৰসংগত বৰুৱাই কয়-' দুয়োটা ছাত্র সংগঠনৰ নেতৃত্বৰে হোৱা আলোচনাত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে উদ্ভাৱন কৰা সূত্র সম্পৰ্কে তেওঁলোকক অৱগত কৰিছো । সহমতত উপনীত হৈছো যে পৰীক্ষা সংকুচিত বিষয়ৰ হ'ব আৰু সকলো ক'ভিড প্ৰটক'ল মানি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰি পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰাৰ বাবেও একমতত উপনীত হৈছো । আমি আমাৰ কথাসমূহ চৰকাৰৰ লগত আলোচনা কৰিম। চৰকাৰৰ লগত আলোচনা হোৱাৰ পাছত কি অনুমতি দিয়ে তালৈ আমি অপেক্ষা কৰিব লাগিব ।' পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ এমাহৰ ভিতৰতেই ফলাফলো ঘোষণা কৰাৰ সম্পূৰ্ণ চেষ্টা চলোৱা হ’ব বুলিও কয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে।

লগতে পঢ়ক-অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ABOUT THE AUTHOR

...view details