গুৱাহাটী, 18 জুলাই : দুই এক ক্ষেত্ৰত সামান্য বাধা নিষেধ থাকিলেও সোমবাৰ অৰ্থাৎ 20 জুলাইৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ কামৰূপ (ম) জিলাৰ লক ডাউন শিথিল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । শনিবাৰে বিয়লি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই কথা ঘোষণা কৰে । মুখ্য সচিবগৰাকীয়ে কয় যে,ইতিমধ্যে কেন্দ্ৰীয় এক সংস্থাই চলোৱা এটা সমীক্ষাত কোৱা হৈছে যে,অসমৰ পৰিস্থিতি যদি এনেদৰেই থাকে তেন্তে আগন্তুক 15 আগষ্টৰ ভিতৰত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা 64,389 গৰাকী আৰু কেৱল গুৱাহাটীতে 32,933 গৰাকী হ'ব বুলি ধাৰণা কৰা হৈছে । তেনেক্ষেত্ৰত লক ডাউন শিথিল কৰিবলৈ আগবাঢ়িও চৰকাৰে বহু দিশ চালিজাৰি চাবলগীয়া হৈছে ।
20 জুলাইৰ পৰা সমগ্ৰ কামৰূপ (ম) জিলাত সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সকলো দোকান খোলা ৰাখিব পাৰিব পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ । মুখ্য সচিবগৰাকীয়ে আৰু ঘোষণা কৰে যে পথৰ একাষৰ দোকানসমূহ এদিন আৰু তাৰ পিছদিনা পথৰ সিকাষৰ দোকানসমূহ খুলিব পাৰিব । এই সময়চোৱাত পাইকাৰী আৰু খুচুৰা দুয়োধৰণৰ দোকানেই খোলা ৰাখিব পাৰিব । শাক-পাচলি,মাছ-মাংসৰ দোকান,কুৰিয়াৰ,ই-কমাৰ্চ খোলা ৰাখিব পাৰিব 20 জুলাইৰ পৰা । খোলা থাকিব পশু খাদ্যৰ দোকান,চেলুন,পাৰ্লাৰ আদিও । সকলো ঔদ্যোগিক প্ৰতিষ্ঠানো খোলা ৰাখিব পাৰিব ।