গুৱাহাটী, 28 এপ্ৰিলঃ যোৰাবাট যানবাহন আৰক্ষী চকীৰ অন্তৰ্গত 11 মাইলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এম এল 10 বি 1455 নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে একে দিশে গুৱাহাটী অভিমুখে গৈ থকা এ এছ 21 ই 5797 নম্বৰৰ বাইক খনক খুন্দিয়ায় যাৰ ফলত মালয়বাৰীৰ বৰপাক নিবাসী চম্পক দাস নিহত হয়৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে গুৱাহাটীলৈ আহিছিল মৃত যুৱকজন ৷
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1 - died 1
এম এল 10 বি 1455 নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে একে দিশে গুৱাহাটী অভিমুখে গৈ থকা এ এছ 21 ই 5797 নম্বৰৰ বাইকখনক খুন্দিয়ায় যাৰ ফলত মালয়বাৰীৰ বৰপাক নিবাসী চম্পক দাস নিহত হয়৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে গুৱাহাটীলৈ আহিছিল মৃত যুৱকজন ৷
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1
আৰু পঢ়ক ৰহাত ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল
দুৰ্ঘটনাত পতিত হোৱা বাইক চালকগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত চম্পক দাসক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনে । এই সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
Last Updated : Apr 28, 2019, 1:41 PM IST