গুৱাহাটী, 12 জানুৱাৰী :অসমৰ শিক্ষাখণ্ডত সংযোজন হ'ব চাৰিটা নতুন ভাষা । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) ৱে সদৰি কৰা মতে অতি শীঘ্ৰেই পাঠ্যক্ৰমত নতুনকৈ সংযোজিত কৰা হ'ব 4 টা জনজাতীয় ভাষা (Assam Govt to introduce 4 tribal languages from LP School level) । মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষা সংযোজিত হ'ব পাঠ্যক্ৰমত (Mising, Rabha, Tiwa and Deori will be used as a medium of instruction) । প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যক্ৰমত এই চাৰিটা জনজাতীয় ভাষা যোগ হ'ব ৷
শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে জনোৱা মতে, জনজাতীয় লোক সকলৰ দাবী পূৰণৰ বাবেই এই চাৰিটা ভাষা পাঠ্যক্ৰমত সংযোজন কৰা হ'ব । নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত এই জনজাতীয় ভাষা চাৰিটা শিক্ষাৰ মাধ্যম হিচাবে যোগ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, জনজাতীয় লোক সকলৰ দাবী আছিল যে নিম্ন প্ৰাথমিত স্তৰত এই ভাষা কেইটা সংযোজন হ'ব লাগে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ইয়াৰোপৰি এই নতুন পাঠ্যক্ৰম এনেদৰে সজোৱা হ'ব যাতে ছাত্ৰ-ছাত্ৰীয়ে একে সময়তে এটা জনজাতীয় ভাষা শিকাৰ লগতে একে সমানে অসমীয়া আৰু ইংৰাজী ভাষাৰো জ্ঞান আহৰণ কৰিব পাৰে । উল্লেখ যে, ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগ আৰু আঠখন জনজাতীয় সাহিত্য সভাৰ মাজত হোৱা আলোচনাৰ অন্তত তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ।