অসম

assam

ETV Bharat / city

Bolero to all police station: 330 খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ একোখনকৈ নতুন বলেৰ' - 330 খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ একোখনকৈ নতুন বলেৰ' বাহন

অসম আৰক্ষীলৈ সু-খবৰ ৷ শীঘ্ৰেই ৰাজ্যৰ 330 খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ প্ৰেৰণ কৰা হ‘ব একোখনকৈ নতুন বলেৰ' বাহন (Assam Govt provide bolero to all police station)।

assam-govt-provide-bolero-to-all-police-station
330 খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ একোখনকৈ নতুন বলেৰ' বাহন

By

Published : Jan 31, 2022, 9:25 PM IST

গুৱাহাটী, 31জানুৱাৰী: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যৰ আৰক্ষী থানাসমূহলৈ প্ৰদান কৰা হ’ল বিশেষ সকাহ ৷ ৰাজ্যৰ 330 খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকললৈ প্ৰেৰণ কৰা হ’ব একোখনকৈ নতুন বলেৰ' বাহন (Assam Govt provide bolero to all police station)। ইতিমধ্যে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে শতাধিক নতুন বলেৰ’ বাহন ।

সম্প্ৰতি নতুন বলেৰ বাহন সমূহৰ ব্ৰেণ্ডিং চলি আছে বুলি সোমবাৰে আৰক্ষী আয়ুক্ত হৰমীত সিঙে (Police Commissioner Harmit Singh) জনায় । আনহাতে শুকুৰবাৰে নিশা গুৱাহাটীৰ পাণবজাৰস্থিত ডাকঘৰৰ মুখ্য কাৰ্যালয়ত চুৰি কাণ্ড (Miscrants loot Meghdoot Bhawan) সম্পৰ্কে মন্তব্য কৰি আৰক্ষী আয়ুক্ত হৰমীত সিঙে কয় যে, ইতিমধ্যে এই চুৰিকাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰা হৈছে ৷ অতি শীঘ্ৰই আৰক্ষীয়ে মূল অভিযুক্তক কৰায়ত্ত কৰিব ৷ লগতে মেঘদূত ভৱনৰ পৰা কি কি সামগ্ৰী চুৰি হৈছে সেই সন্দৰ্ভত মেঘদূত ভৱনৰ কৰ্তৃপক্ষই এইপৰ্যন্ত কোনোধৰণৰ বিশেষ তথ্য দাঙি ধৰা নাই বুলি জনায় আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

330 খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ একোখনকৈ নতুন বলেৰ' বাহন

ইপিনে IPLৰ জুৱা সন্দৰ্ভত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, IPL জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । ইতিমধ্যে এই জুৱাৰ লগত জড়িত তিনিজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে যদিও বৰ্তমান পলাতক অৱস্থাত আছে তিনিজন অভিযুক্ত । ইয়াৰ মাজৰেই এজন ৰাজস্থান, এজন দক্ষিণ ভাৰতত থকাৰ সম্ভেদ পাইছে আৰক্ষীয়ে । অতিশীঘ্ৰে এই তিনিওজন অভিযুক্তক কৰায়ত্ত কৰা হ'ব বুলি মন্তব্য আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ ।

লগতে পঢ়ক :Illegal trade of Burmese Supari in Assam : অপৰাধ অনুসন্ধান শাখাই পাতিলে সংবাদমেল

ABOUT THE AUTHOR

...view details