গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক বুধবাৰে আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় (Assam Govt Distributes Anundoram Borooah Award)। উল্লেখ্য যে পূৰ্বতে এই বঁটাত কম্পিউটাৰ দিয়া হৈছিল । এইবাৰ এই বঁটাত কৃতী শিক্ষাৰ্থীসকলক ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হয় ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান বঁটাৰ বাবদ ৰাজ্যৰ ২২,৬০১ গৰাকী ছাত্র-ছাত্রীক মুঠ ৩৬,১৬,১৬,০০০ টকা প্ৰদান কৰা হয় । গুৱাহাটীত আজি কেন্দ্ৰীয়ভাৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয় । এই উপলক্ষ্যে কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)আনুষ্ঠানিকভাৱে দহগৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান উল্লেখ্য যে বঁটাৰ ধনৰাশি বেংক একাউণ্ট যোগে শিক্ষাৰ্থীসকলক দিয়াৰ ব্যৱস্থা কৰা হয় । বঁটা প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী শৰ্মাই শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ বাবে বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ অৱলোকন কৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০০৫ চনত এই বঁটা প্ৰৱৰ্তন কৰাৰ সময়ত ১২,৬৩৬ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু ২০২২ চনত সেই সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি হৈছে ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান আগন্তুক পাঁচ বছৰত এক লাখ শিক্ষাৰ্থীয়ে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব । অসমৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক ভাৱ আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি অসমখন দ্ৰুতিগতিত আগুৱাই গৈছে । এটা দশকত আন্দোলন আৰু সংগ্ৰাম কমি অহাৰ ফলত শিক্ষাৰ্থীসকলে নতুন দিনৰ বাবে আগুৱাই যাবলৈ প্ৰেৰণা পাইছে । অসমত বৰ্তমান বিশাল সম্ভাৱনীয়তা গঢ় লৈ উঠাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে দেশৰ এনে স্থান নাই য'ত অসমক গৌৰৱান্বিত কৰা অসমীয়া নাই ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনাগত দুই-এটা দশকত সমগ্ৰ দেশতে অসমীয়া বিয়পি পৰিব । সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখন বৰ্তমান দ্ৰুতগতিত আগুৱাই গৈছে । প্ৰতিবছৰে নতুন মেডিকেল কলেজ হৈছে । সংখ্যাৰ কথা ক'বলৈ গ'লে হিচাপ কৰিবলগীয়া হয় ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান বৰ্তমান মেডিকেলৰ আসন (Medical Colleges in Assam) ১১০০ আছে যদিও এই সংখ্যা ৩০০০লৈ বৃদ্ধি পাব । তেওঁ লগতে কয় যে অসম চৰকাৰে ৬৫ হাজাৰ বিদ্যালয়ৰ প্ৰতিপালন কৰে আৰু দিল্লীত আছে মাত্র ১২০০ বিদ্যালয় । দহ বছৰ ধৈৰ্য ধৰিলে অসম শিক্ষা জগতৰ শীৰ্ষত উপনীত হ'ব বুলি তেওঁ কয় । এইক্ষেত্রত তেওঁ সামগ্ৰিক প্ৰচেষ্টাৰ কথা উল্লেখ কৰে । তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে শিক্ষাৰ্থীসকলে নিজৰ জীৱনৰ উদ্দেশ্যক আৱিষ্কাৰ কৰিব লাগিব ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান অসমখনক আগুৱাই নিয়াৰ বাবে মানৱ সম্পদৰ প্ৰয়োজন আছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত, ছেবাৰ অধ্যক্ষ আৰ চি জৈন প্ৰমুখ্যে শিক্ষা বিভাগৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।
২২,৬০১ গৰাকী শিক্ষাৰ্থীকআনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানটোৰ নামত আজি একাংশ শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু শিক্ষাগুৰুসকলে যথেষ্ট হাৰাশান্তিৰ সন্মূখীন হ'বলগীয়া হয় । অনুষ্ঠানটোৰ ব্যৱস্থাপনাত যথেষ্ট খেলিমেলি পৰিলক্ষিত হয় । প্ৰেক্ষাগৃহটোৰ আসনৰ বিপৰীতে বহু বেছি শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক সমৱেত হোৱাত বহু সংখ্যকেই প্ৰৱেশ কৰিব নোৱাৰিলে । আনহাতে প্ৰৱেশ কৰা বহতেই থিয় হৈ থাকিবলগীয়া হয় । যাৰ লৈ একাংশ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষাগুৰুৱে ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক:বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্রদান