গুৱাহাটী, ২৯ ছেপ্তেম্বৰ :নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত মঙলবাৰে মাজনিশা চাৰিঘণ্টীয়াজোৰা এক দীঘলীয়া বৈঠকৰ অন্তত দুয়োপক্ষ এক সিদ্ধান্তত উপনীত হয় । কাগজ কল দুটাৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহাৰ্য পেকেজ ঘোষণা কৰে ।
বুধবাৰে পুৱতি নিশা ২ বজালৈ চলা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসম চৰকাৰ আৰু কাগজ কলৰ সংস্থাৰ মাজত হোৱা আলোচনা অনুসৰি হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি)ৰ সম্পত্তি অসম চৰকাৰৰ হাতত থাকিব । অসম চৰকাৰে দাখিল কৰা এন চি এল টিৰ প্ৰস্তাৱৰ অনুমোদনৰ দুমাহৰ ভিতৰত প্ৰায় ৫৭০ কোটি টকাৰ সাহাৰ্য পেকেজ বিতৰণ কৰা হ’ব ।
বৈঠকত এইচ পি চিৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এইচ পি চিৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আৰু নাৰ্ছলৈ এন এইচ এমৰ অধীনত ঠিকাভিত্তিক নিযুক্তি দিয়া হ'ব । আনহাতে, ৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন । অৱশ্যে এই সুবিধাসমূহ লাভ কৰিব হ’লে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে আগন্তুক এমাহৰ ভিতৰত সকলো চৰকাৰী গৃহ খালী কৰিব দিব লাগিব ।