অসম

assam

ETV Bharat / city

লাভলীনা-হিমাৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষকৰ কাৰণে ৰাজ্য চৰকাৰে মাহে খৰচ কৰিব আঢ়ৈ লাখকৈ টকা (assam government to sponsor Lovelina Hima)। হিমা দাসৰ প্ৰশিক্ষনৰ বাবে খৰচ কৰিব মাহে ১ লাখকৈ টকা।

assam-government-to-sponsor-lovelina-hima
লাভলীনা-হিমাৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

By

Published : Mar 15, 2022, 9:26 PM IST

গুৱাহাটী, ১৫ মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট । বিধানসভাৰ সচিবালয়ৰ মুখ্যমন্ত্রীৰ সভাকক্ষত অনুষ্ঠিত হোৱা কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্রী কেশৱ মহন্তই ।

আজিৰ কেবিনেটে বিধানসভাত উত্থাপন হ'বলগীয়া বাজেটৰ অনুমোদন জনায়। আনহাতে লোকেল বডীৰ বাবে টকা অনুমোদনৰ ক্ষেত্রত ষষ্ঠ অসম ৰাজ্যিক বিত্তীয় আয়োগে দিয়া ৭.৮ শতাংশৰ প্ৰস্তাৱ আজিৰ কেবিনেটে অনুমোদন জনায় । জেনেৰেল প্ৰভিডেণ্ট ফাণ্ডৰ পৰা টকা উঠোৱাৰ ক্ষেত্রত থকা জটিলতাৰ সৰলীকৰণ কৰি কেবিনেটে বিভাগীয় মুৰব্বীক ইয়াৰ বাবে অনুমতি দিয়াৰ ক্ষমতা প্ৰদান কৰিছে ।

লাভলীনা-হিমাৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

আনহাতে, জাতিগত প্ৰমানপত্রৰ ক্ষেত্রত থকা সমস্যাৰ সমাধান সূত্রে কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি অ'বিচিৰ প্ৰমাণপত্র প্ৰদানৰ ক্ষেত্রত অ'বিচি বোৰ্ডৰ পৰিবৰ্ত্তে চাহ জনজাতীয় জাতীয় সন্মিলনে জাতিগত প্ৰমান পত্র দিব পাৰিব।

আনহাতে লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ প্ৰশিক্ষণ সন্দৰ্ভত আজিৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব অসম চৰকাৰে (assam government to sponsor Lovelina Hima) । লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ প্ৰস্তুতিৰ (Lovelina's olympic preparation) বাবে প্ৰশিক্ষকৰ কাৰণে ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখকৈ টকা খৰচ কৰিব। সেইদৰে হিমা দাসৰ ক্ষেত্ৰতো প্ৰশিক্ষকৰ বাবে অসম চৰকাৰে মাহে ১ লাখকৈ টকা খৰচ কৰিব।
লগতে পঢ়ক :বিৰোধী বিধায়কক একেলগে The Kashmir files চাবলৈ লগ ধৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details