গুৱাহাটী, 11 জানুৱাৰী : সোমবাৰৰ পৰা কামৰূপ(ম) জিলাৰ ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰ ( Khetri Paddy Purchase Centre ) ত খাৰিফ বৰ্ষ 2021-22 (2021-22 kharif marketing year) ৰ অন্তৰ্গত চৰকাৰৰ দ্বাৰা ঘোষিত নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কাৰ্যসূচী আৰম্ভ হয় ৷
এই কাৰ্যসূচীত কামৰূপ(ম) ৰ জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ আৰু চক্ৰ বিষয়া হিমাদ্ৰী বৰা উপস্থিত থাকি ধান ক্ৰয়ৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ সোমবাৰে ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰত ভাৰতীয় খাদ্য নিগমে (Food Corporation of India) কেবাজনো কৃষকৰ পৰা নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় কৰে ।
ইপিনে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাৰ কৃষকসকলৰ মাজত ধান ক্ৰয় কেন্দ্ৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ প্ৰদান কৰে ৷ উচিত মূল্য পোৱাৰ বাবে কৃষকসকলক সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।