নিউজ ডেস্ক, 12 আগষ্ট : অসম চৰকাৰৰ তৰফৰ পৰা অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে লাভলীনা বৰগোহাঁইক ৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ অভিনন্দন অনুষ্ঠানত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই অভিনন্দন অনুষ্ঠানত দিল্লীৰ পৰা আহি উপস্থিত হয় ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়ামন্ত্ৰী বিমল বৰা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, লাভলীনাৰ পিতৃসহ অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল ৷
লাভলীনাক অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদত যোগদান কৰিবলৈ অনুষ্ঠানতে অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে । তদুপৰি লাভলীনালৈ অসম চৰকাৰে আগবঢ়ায় 1 কোটি টকা ৷ এই অনুষ্ঠানতেই লাভলীনাই নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰাৰ উপৰিও খেলুৱৈগৰাকীয়ে সকলোকে ধন্যবাদ জনাই পেৰিছ অলিম্পিকত সোণৰ পদক আনিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লাভলীনালৈ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদৰ বাবে প্ৰস্তাৱ চৰকাৰৰ ইপিনে ৰাজ্য চৰকাৰে পেৰিছ অলিম্পিকৰ অনুশীলনৰ বাবে প্ৰতি মাহে 1 লাখ টকা বক্সাৰগৰাকীলৈ আগবঢ়াব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰে ৷ ইয়াৰ উপৰি গুৱাহাটীত লাভলীনাৰ নামত এটা পথ নিৰ্মাণ কৰাৰ লগতে সৰুপথাৰ সমষ্টিত 25 কোটি টকাৰে লাভলীনাৰ নামত ক্ৰীড়া প্ৰকল্প স্থাপনৰ কথাও এই অনুষ্ঠানতেই প্ৰকাশ কৰা হয়। লাভলীনাৰ আটাইকেইগৰাকী প্ৰশিক্ষকক 10 লাখ টকাকৈ আগবঢ়াব চৰকাৰে ৷
লগতে পঢ়ক :গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...