গুৱাহাটী, ৫ ডিচেম্বৰ :ক'ভিডৰ নতুন প্ৰকৰণ 'অ’মিক্ৰণ'(New COVID-19 Variant Omicron)ৰ অৱস্থিতি ভাৰততো ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক'ভিড সম্পৰ্কীয় এক নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) জাৰি কৰিছে ৰাজ্য চৰকাৰে । ভাৰত চৰকাৰৰ অ’মিক্ৰণ সম্পৰ্কীয় শেহতীয়া প্ৰট'কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং এছ অ' পি(Assam Government issues SOPs considering Omicron variant)খন প্ৰকাশ কৰে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা ঘোষণা কৰে এই কথা ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অ’মিক্ৰণ সম্পৰ্কীয় এই এছ অ' পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক'ভিড পৰীক্ষণত নিগেটিভ হ'লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টিনত থাকিব লাগিব । আনহাতে ক'ভিড প'জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট'কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন'মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ'ব । বিমান বন্দৰত অৱতৰণৰ পাছতো বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক'ভিডৰ আৰ টি পি চি আৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে ।
বিমানবন্দৰত এই ক'ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ'ব । অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক'ভিডৰ লক্ষণ পৰিলক্ষিত হ'লে তেওঁৰ ক'ভিড পৰীক্ষা কৰা হ'ব । বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী প্ৰধানকৈ বিমান বন্দৰেৰে অহাৰেই সম্ভাৱনা অধিক ৷ সেয়েহে বিমান বন্দৰ থকা জিলাখনৰ প্ৰশাসনক এনে যাত্ৰীক বিমান বন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও এছ অ' পিৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে ৷