গুৱাহাটী, 30 জানুৱাৰী : ৰাজহ ঘাটি জোৰা মাৰিবলৈ ঋণ লৈ তৎ নোপোৱা চৰকাৰে এতিয়া কৰ সংগ্ৰহৰ বাবে সকলো ধৰণৰ পন্থাই অৱলম্বন কৰিছে । সাধাৰণ লোকক ডিঙিলৈকে কৰ তথা জৰিমনাৰ বোজা জাপি দিবলৈও যেন পিছ হোহকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে (Revenue collection of Assam government)। এইবাৰ কৰ সংগ্ৰহৰ বাবে বিশেষকৈ যানবাহন আৰক্ষী তথা পৰিবহণ বিভাগক টাৰ্গেট বান্ধি দিছে দিছপুৰে (Revenue collection from Traffic police and Transport Department)।
আনকি, পৰিবহণ বিভাগক গুৱাহাটীতে 100 কোটি টকা সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশনাও জাৰি কৰিছে । দিছপুৰৰ এই নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ ৰাজপথত মিছন ‘ছাৰখাৰ’ নাম দি কৰ তথা জৰিমনা সংগ্ৰহত নামি পৰিছে জিলা এনফৰ্চমেণ্ট বাহিনী (District Enforcement Force) আৰু যান-বাহন আৰক্ষী ।যাৰ ফলত এতিয়া টাৰ্গেট পূৰণৰ নামত ঘৰৰ গেৰেজত থকা বাহনকো যান-বাহন আইন উলংঘনৰ দোহাই দি জধেমধে জৰিমনাৰ চালান প্ৰেৰণ কৰিবলৈ লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই ।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত উদং ৰাজভঁৰাল পূৰণ কৰাৰ বাবে দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰে এটা হ’ল মন্ত্ৰীসকলে কোনোধৰণৰ আঁচনি বিত্ত বিভাগৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব । ফলত উন্নয়নৰ কামকাজ থমকি ৰোৱাৰ আশংকা আছে ৷
ইফালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ ভেটৰ বাহিৰেও ৰাজ্য চৰকাৰৰ ৰাজহ আহৰণৰ এতিয়া প্ৰধান ভৰসা তিনিটা হৈছে আবকাৰী, পৰিবহণ আৰু ভূমি ৰাজহ । ইতিমধ্যে সুৰাৰ মূল্যবৃদ্ধিৰ দ্বাৰা ৰাজ্য চৰকাৰে 2021-22 বৰ্ষত প্ৰায় 2400 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই উদ্দেশ্য আগত ৰাখিয়েই বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা ৰাজ্যত সুৰাৰ দাম 10-15 শতাংশ বৃদ্ধি কৰা হৈছে ।
আনফালে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । গুৱাহাটী মহানগৰীত মাটিৰ মূল্য 900 শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে । ইয়াৰ ফলত ভূমি, ফ্লেটৰ পঞ্জীয়ন, প্ৰতিবৰ্গ ফুটৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ইফালে কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে মহানগৰীত পৰিবহণ বিভাগে বিশেষ অভিযান আৰম্ভ কৰিছে । গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে 30 কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়িক যানবাহনে 100 কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে ।
ক’ভিডসৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰণে সকলো সা সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়িক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত 100 কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে ৷