অসম

assam

By

Published : Aug 5, 2021, 2:16 PM IST

ETV Bharat / city

৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে

অলিম্পিকত পদক লাভেৰে অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহাইক কলাক্ষেত্ৰত চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হ'ব । গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনা বৰগোঁহাইক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে । লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত লৈছে ।

assam goverment ready to welcome lovlina borgohain
৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে

গুৱাহাটী,5 আগষ্ট: অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিলেলাভলীনা বৰগোঁহায়ে(Lovlina Borgohain) । টকিঅ’ অলিম্পিক(tokyo olympics)ত বুধবাৰৰ ছেমি ফাইনেলত তুৰস্কৰ বুছেনাজ চুৰমেনেলীৰ হাতত পৰাস্ত হোৱা অসমৰ লাভলীনা বৰগোঁহায়ে(Lovlina Borgohain) ব্ৰঞ্জৰ পদকে(bronze medal)ৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

অসমৰ কৃতিমান খেলুৱৈ লাভলীনা বৰগোঁহায়ে(Lovlina Borgohain) ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব । টকিঅ’ৰ পৰা নতুন দিল্লী আৰু তাৰ পিছত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনা বৰগোঁহাইক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে ।

লাভলীনাক আদৰিবলৈ সাজু ৰাজ্যবাসী

লাভলীনা বৰগোঁহাই(Lovlina Borgohain)ক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক:অলিম্পিকত ব্ৰঞ্জ লাভ : নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা

টকিঅ’ অলিম্পিক(tokyo olympics)ত অংশ লৈ ব্ৰঞ্জৰ পদ(bronze medal)ক অৰ্জন কৰা লাভলীনাক ৰাজ্য চৰকাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিপুলভাৱে সম্বৰ্ধনা জনাব । গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰতো জিলা উপাযুক্তৰ তত্বাৱধানতে থাকিব লাভলীনা বৰগোঁহাই । গুৱাহাটীৰ এটা স্থানতে ৰাজহুৱা সম্বৰ্ধনাৰ কথাও চিন্তা চৰ্চা কৰিছে চৰকাৰে ।

অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাই(Lovlina Borgohain)ৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে । লাভলীনা বৰগোঁহাইক অসম চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি প্ৰদানৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে । আনহাতে, ক্ৰীড়া ক্ষেত্ৰৰ পৰা ৰাজনীতি জগতলৈ, সমাজকৰ্মীৰ পৰা সাধাৰণ জনতালৈ টুইটাৰত অসম কন্যা লাভলীনাক জনাইছে শুভেচ্ছা ৷

ইফালে ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোঁহাইলৈ তিনি লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰিছে । অলিম্পিকত পদক লাভেৰে দেশবাসীক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইক আদৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে ৰাজ্যবাসী । অসম কন্যাৰ এই সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি দেশবাসীয়ে জনাইছে শুভেচ্ছা ।

লগতে পঢ়ক:অসম জীয়ৰী লাভলীনালৈ শুভেচ্ছা...

ABOUT THE AUTHOR

...view details