গুৱাহাটী,26ডিচেম্বৰ: শনিবাৰে মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় এক বঁটা প্ৰদান কাৰ্যসূচী ৷ এই অনুষ্ঠানত সামাজিক সাংস্কৃতিক অনুষ্ঠান 'আৰোহনে' বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন ব্যক্তিক প্ৰদান কৰে অসম গৌৰৱ বঁটা ২০২০ ৷ সংগীত, অভিনয়, সাহিত্য, সাংবাদিকতাকে ধৰি কেইবাটাও শিতানত জড়িত সাংবাদিক, শিল্পী, বিধায়কক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে আৰোহনে ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী ৷ এই অনুষ্ঠানতে 'বিনন্দীয়া পৃথিৱী' নামৰ এখন গ্ৰন্থও উন্মোচন কৰে বিশিষ্ট অতিথি সকলে ৷
অসম গৌৰৱ বঁটা ২০২০ৰে সন্মানিত হ'ল সাংবাদিক,সংগীতশিল্পী - আৰোহন
শনিবাৰে গুৱাহাটী মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় এক বঁটা প্ৰদান কাৰ্যসুচী ৷ এই অনুষ্ঠানত বহু কেইগৰাকী সাংবাদিক, শিল্পী আৰু বিধায়কক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয় ৷ সামাজিক সাংস্কৃতিক অনুষ্ঠান 'আৰোহনে' প্ৰদান কৰে এই সন্মান ৷
অসম গৌৰৱ বঁটা ২০২০ৰে সন্মানিত হ'ল সাংবাদিক,সংগীতশিল্পী