অসম

assam

ETV Bharat / city

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যাত পুনৰ বৃদ্ধি ৷ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰকাশিত তথ্য মতে বানত বৰ্তমানলৈকে মৃত্যু হৈছে 33 জন লোকৰ ৷ বুধবাৰে ধুবুৰী,নগাঁও,বৰপেটা আৰু নলবাৰীতে ধৰি মুঠ 6 জন লোকৰ মৃত্যু হৈছে ৷

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি

By

Published : Jul 2, 2020, 4:41 AM IST

Updated : Jul 2, 2020, 7:14 AM IST

গুৱাহাটী, 2 জুলাই : ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ বানৰ বিভীষিকা ৷ বৰ্তমানলৈকে বানত মৃত্যু হৈছে 33 জন লোকৰ ৷ এতিয়াও ৰাজ্যখনৰ 21 খনকৈ জিলা জলমগ্ন হৈ আছে ৷ বুধবাৰে পুনৰ বানত মৃত্যু হয় ছয় জন লোকৰ ৷ ইয়াৰ লগে-লগে 27 জনৰ পৰা বানত মৃত্যু হোৱাৰ লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি পায় ৷ শেহতীয়াকৈ ধুবুৰীত 1 জন,নগাঁৱত 1 জন,বৰপেটাত 3 জন আৰু নলবাৰীত 1 জন লোকৰ মৃত্যু হৈছে ৷

কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ বানৰ বিভীষিকা

অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰকাশিত তথ্য মতে,এই পৰ্যন্ত বানত প্ৰভাৱিত হৈছে প্ৰায় 14,95,321 লাখ লোক ৷ আনহাতে প্ৰায় 2197 খন গাঁও এতিয়াও পানীৰ কৱলত ৷ অৱশ্যে পূৰ্বৰ তুলনাত কিছু-কিছু জিলাত পৰিস্থিতি সামান্যলৈ ঘূৰি আহিছে ৷

বৰ্তমানেও বানৰ কৱলত থকা জিলা কেইখন হৈছে ধেমাজি, লখিমপুৰ,বিশ্বনাথ,চিৰাং,দৰং,নলবাৰী,বৰপেটা,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,মৰিগাঁও,হোজাই,নগাঁও,গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড়,তিনিচুকীয়া ৷

বান প্ৰভাৱিত জিলা সমূহত জিলা প্ৰশাসনে মুঠ 254 টাকৈ আশ্ৰয় শিবিৰ মুকলি কৰিছে ৷ ইয়াৰে ভিতৰত 132 টা হৈছে সাহাৰ্য বিতৰণ কেন্দ্ৰ ৷ এই বানৰ ফলত কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ বৰ্তমানলৈকে 87,018,17 হেক্টৰ কৃষি ভূমি নষ্ট হৈছে ৷

বানত প্ৰায় 18 টাকৈ জীৱ-জন্তুৰ মৃত্য়ু হৈছে ৰাজ্যখনত

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,ওৰাং ৰাষ্ট্ৰীয় উদ্যান,পবিতৰা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ বিভীষিকা অব্যাহত আছে ৷ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বৃহৎ অংশ এতিয়া জলমগ্ন ৷ বানত প্ৰায় 18 টাকৈ জীৱ-জন্তুৰ মৃত্য়ু হৈছে ৰাজ্যখনত ৷

লগতে চাওক-ডিব্ৰুগড়ত বিজেপি নেতাৰ পত্নীৰ ৰহস্যজনক মৃত্যু

Last Updated : Jul 2, 2020, 7:14 AM IST

ABOUT THE AUTHOR

...view details