অসম

assam

ETV Bharat / city

ৰাজ্যৰ 20 খন জিলা জলমগ্ন : 35 গৰাকী মৃত্যু - ASSAM FLOOD DEATH RISES TO 35

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যাত পুনৰ বৃদ্ধি ৷ শুকুৰবাৰে ধুবুৰীত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ ৰাজ্যৰ প্ৰায় 20 খন জিলা আৰু 49 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত ৷ এতিয়াও ৰাজ্যৰ বানৰ সংহাৰী পৰিস্থিতিত হাহাকাৰ 13,26,815 গৰাকী লোকৰ ৷

ASSAM FLOOD SITUATION, DEATH RISES TO 35
ৰাজ্যৰ 20 খন জিলা জলমগ্ন : 35 গৰাকী মৃত্যু

By

Published : Jul 4, 2020, 5:21 AM IST

Updated : Jul 4, 2020, 10:21 AM IST

নিউজ ডেস্ক, 4 জুলাই: ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ এতিয়াও অপৰিৱৰ্তিত হৈ আছে বহু কেইখন জিলাৰ বান পৰিস্থিতি ৷ প্ৰায় 20 খন জিলাৰ 49 টা ৰাজহ চক্ৰ এতিয়াও প্লাৱিত হৈছে আছে বানত ৷ বৰ্তমানে ৰাজ্যত বানৰ সংহাৰী পৰিস্থিতিয়ে ক্ষতি কৰিছে 13,26,815 গৰাকী লোকক ৷ শুকুৰবাৰে ধুবুৰীত পুনৰ এজন লোকৰ মৃত্যু হয় বানত ৷ ইয়াৰ লগে-লগে ৰাজ্যত 35 গৰাকীলোকে বানৰ কৱলত পৰি প্ৰাণ হেৰুওৱালগীয়া হোৱাৰ বিপৰীতে এতিয়াও জলমগ্ন হৈছে 1636 খন গাঁও ৷

শুকুৰবাৰে ধুবুৰীত পুনৰ বানত মৃত্যু এজনৰ

বন্যাক্ৰান্তৰ উদ্ধাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানে অস্থায়ী শিবিৰ স্থাপিত কৰিছে ৷ এতিয়া প্ৰায় 152 টা শিবিৰ স্থাপিত হৈ আছে ৷ কৃষকৰ বাবে অভিশাপস্বৰূপ এই বানে বুৰাই পেলাইছে 67,628.06 হেক্টৰ কৃষি ভূমি ৷ অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য ৷

বৰ্তমানেও বানৰ কৱলত থকা জিলা কেইখন হৈছে ধেমাজি,লখিমপুৰ,বিশ্বনাথ,চিৰাং,দৰং,নলবাৰী,বৰপেটা,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,ডিব্ৰুগড়,তিনিচুকীয়া ৷

লগতে চাওক-COVID-১৯ : অসমৰ শেহতীয়া তথ্য

Last Updated : Jul 4, 2020, 10:21 AM IST

ABOUT THE AUTHOR

...view details