অসম

assam

ETV Bharat / city

মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

মহামাৰী কোভিড-19ৰ সমান্তৰালকৈ ৰাজ্যত বিভীষিকা চলাইছে ভয়ংকৰ বানপানীয়ে ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ লগতে বানত আৱদ্ধ হৈ থকা লোকসকলক নিজৰ সুৰক্ষাৰ বিষয়ে চিন্তা নকৰাকৈ উদ্ধাৰৰ বাবে দিনে-নিশাই অভিযান চলাইছে এনডিআৰএফ বাহিনীয়ে ৷

By

Published : Jul 15, 2020, 3:12 AM IST

মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ
মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

গুৱাহাটী, 15 জুলাই : কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বানপানীয়ে বিভীষিকা চলাইছে । কি উজনি, কি নামনি, সকলোতে ৰুষ্ট প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ লীলা । চৌদিশে বন্যাৰ্তৰ হাহাকাৰময় অৱস্থা ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত NDRFৰ উদ্ধাৰ অভিযান

এনে সময়চোৱাত ৰাইজৰ উদ্ধাৰক লৈ সদাসষ্টম হৈ আছে NDRF বাহিনী । বানত বিশেষ ক্ষতিগ্ৰস্ত বৰপেটা জিলাত NDRF বাহিনীয়ে দিনে নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ বন্যাৰ্তক নিৰাপদ স্থানলৈ অনাৰ বাবে অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীয়ে ।

মঙলবাৰে চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত অভিযান চলাই শতাধিক পৰিয়ালক উদ্ধাৰ কৰে NDRFৰ বাহিনীয়ে । বিগত চাৰিদিন ধৰি উদ্ধাৰ অভিযান চলাই আছে এইসকল যোদ্ধাই । বৰ্তমানলৈ প্ৰায় 500 লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে NDRF বাহিনীয়ে ।

বৰপেটা জিলাত উদ্ধাৰকাৰ্যত ব্যস্ত 1st NDRF

এই কথা ইটিভি ভাৰতক জনালে গুৱাহাটীৰ প্ৰথম NDRF বাহিনীৰ নিৰীক্ষক অভিজিৎ বৰ্মাই । ইফালে দুৰ্গতসকলক কোভিড-19ৰ বাবে বিশেষ সতৰ্কতাৰে নিৰাপদ স্থানত ৰখা হৈছে বুলিও জনাই বিষয়াগৰাকীয়ে । বানাক্ৰান্ত লোকসকলক মাস্ক, ছেনিটাইজাৰ আদিৰো যোগান ধৰিছে NDRF বাহিনীৰ দলটোৱে ।

লগতে পঢ়কঃতেজপুৰত SDRF জোৱানক NDRF ৰ বিশেষ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details