গুৱাহাটী, ৭ ফেব্ৰুৱাৰী :অহা ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন (Budget Session of Assam Assembly from March 14) । সেই অনুসৰি ইতিমধ্যে বিত্ত বিভাগৰ প্ৰধান সচিবে সকলো বিভাগৰ আয়ুক্ত, প্ৰধান সচিব, আয়ুক্ত সচিব, সচিব আদিলৈ নিজা নিজা বিভাগৰ বাজেট প্ৰাককলন দাখিলৰ সময়সীমা ধৰি দিছিল । সেই সময়সীমা আজি অন্ত পৰে যদিও পুনৰ ১৫ ফেব্ৰুৱাৰীলৈকে বিত্ত বিভাগে বৃদ্ধি কৰিছে এই সময়সীমা (Assam government's budget session) ।
কিয়নো এতিয়াও বহুকেইটা বিভাগে বাজেট প্ৰাককলন দাখিল কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, চলিত বিত্তীয় বৰ্ষৰ অন্তিম পুঁজি মুকলিৰ বাবে বিত্ত বিভাগৰ কনফাৰেন্স কমিটি, ষ্টেণ্ডিং কমিটি আৰু বিশেষ ষ্টেণ্ডিং কমিটিৰ বৈঠক সমূহ ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হব বুলি বিত্ত বিভাগৰ এক সুত্ৰই আজি প্ৰকাশ কৰিছে । একেদৰে পুঁজি সম্পৰ্কীয় সকলো প্ৰস্তাৱ বিভাগ সমূহে ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিত্ত বিভাগৰ হাতত দাখিল কৰিবলৈ কোৱা হৈছে ।