অসম

assam

By

Published : Jan 3, 2021, 5:46 PM IST

ETV Bharat / city

18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

কোভিড-19ৰ ফলত দিয়া লকডাউনৰ পিচতো অসম চৰকাৰৰ আবকাৰী বিভাগে ৰাজ্য চৰকাৰৰ আটাইকেইটা বিভাগৰ ভিতৰতে সৰ্বাধিক পৰিমানে কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ
18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

গুৱাহাটী, 3 জানুৱাৰী :ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম চৰকাৰৰ আবকাৰী বিভাগে ৷ তিনিমাহ ধৰি লকডাউন পাৰ কৰাৰ পিচতো 2020ৰ ডিচেম্বৰ মাহলৈ বিভাগটোৱে সংগ্ৰহ কৰে বাজেটত ধাৰ্য কৰা মুঠ 1,450 কোটিৰো অধিক কৰ ৷

উল্লেখ্য যে, অসমৰ ৰাজহ সংগ্ৰহৰ সৰ্বাধিক পৰিমানৰ উৎস হৈছে আবকাৰী কৰ ৷ 2020ৰ ডিচেম্বৰত বিভাগে সংগ্ৰহ কৰে 245 কোটিৰ কৰ, যিটো 2019ৰ 135 কোটিৰ তুলনাত অধিক আছিল ৷ বিভাগে এই সন্দৰ্ভত জাৰি কৰা বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে ৷ 2019ৰ তুলনাত 2020ত বিভাগটোৰ ৰাজহৰ পৰিমান 18 শতাংশলৈ বৃদ্ধি পায় ৷ বিভাগে 2021 বিত্তীয় বৰ্ষত প্ৰায় 2,000 কোটিৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ সেই অনুসৰি, সুৰাৰ ওপৰত থকা ভেট ধৰিলে 2021ত প্ৰায় 3,300 কোটিৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব বিভাগে ৷

কৰ সংগ্ৰহেৰে অভিলেখ আবকাৰী বিভাগৰ

2016চনলৈ বিভাগৰ ৰাজহ সংগ্ৰহ আছিল 500-600 কোটি ৷ কিন্তু 2019-20ত এই পৰিমান 20 শতাংশলৈ বৃদ্ধি পায় ৷ 2020ত বাজেটত ধৰা 1,450 কোটিৰ ৰাজহৰ বিপৰীতে বিভাগে 1,700 কোটিলৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক :হাজোত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ AJP ত যোগদান

ABOUT THE AUTHOR

...view details