গুৱাহাটী,১২ ছেপ্তেমম্বৰ : কেতিয়া শান্ত হ'ব অসম ! কাৰণ এতিয়াও অসম 'অশান্ত অঞ্চল' ৰূপে চিহ্নিত হৈ আছে । এফালে চৰকাৰে কয় যে, অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু আনফালে অশান্ত অঞ্চলৰ চাৰ্টিফিকেট প্ৰদান কৰে ।
শান্ত হোৱা নাই অসম, পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা অসমৰ পৰিস্থিতিক লৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি পুনৰ ২৮ আগষ্টৰ পৰা আৰু ছয় মাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে ।
এই সন্দৰ্ভত শনিবাৰে জাৰি কৰা চৰকাৰী এক নিৰ্দেশনাত উল্লেখ কৰা হয় যে, 'সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮'ৰ ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ অসম ৰাজ্যক ২৮ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহলৈকে "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে ।
লগতে পঢ়কঃ মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি
অৱশ্যে চৰকাৰী বিজ্ঞপ্তিটোত অশান্ত এলেকাৰ ম্যাদ বৃদ্ধিৰ কোনো বিশেষ কাৰণ উল্লেখ কৰা হোৱা নাই । উল্লেখযোগ্য যে, সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ প্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পৰ্যালোচনাৰ পিছত প্ৰতি ছমাহৰ মূৰে মূৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে ।
শান্ত হোৱা নাই অসম, পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা এই প্ৰক্ৰিয়া অবিৰতভাৱে চলি আহিছে । বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ প্ৰৱৰ্তন কৰা হৈছিল যদিও ইয়াৰ পৰা ৰাজ্যসমূহ এতিয়াও মুক্ত হোৱা নাই । এই আইনে সশস্ত্ৰ বাহিনীক "অশান্ত অঞ্চল"ত ৰাজহুৱা শৃংখলা বজাই ৰখাৰ ক্ষেত্রত ক্ষমতা প্ৰদান কৰে । অসমকে ধৰি আন ৰাজ্যটো এই আইন প্ৰত্যাহাৰৰ দাবী উঠিছে যদিও এতিয়াও ইয়াক বাহাল ৰখা হৈছে ।
লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী