অসম

assam

ETV Bharat / city

৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা - আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা

৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা । AFSPA ৰ অধীনত অসমক 'অশান্ত অঞ্চল' ঘোষণা । অহা ২৮ আগষ্টৰ পৰা ৬ মাহৰ বাবে এই ঘোষণা কাৰ্যকৰী হ'ব ।

Assam declared as disturb area again
৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা

By

Published : Aug 26, 2020, 10:40 AM IST

গুৱাহাটী, 26 আগষ্ট : ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত অসমক পুনৰ 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰিলে গৃহ মন্ত্ৰণালয়ে । অহা 28 আগষ্টৰ পৰা পৰৱৰ্তী 6 মাহৰ বাবে কাৰ্যকৰী হোৱাকৈ অসমক 'অশান্ত অঞ্চল' বুলি ঘোষণা কৰা হৈছে । ৰাজ্যৰ বিভিন্ন স্থানত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা আৰু উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী সংগঠনে সুৰক্ষা বাহিনীৰ ওপৰত কৰা আক্ৰমণ আৰু আন কেইবাটাও অপৰাধজনিত ঘটনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাজ্য চৰকাৰে মঙলবাৰে এক বিজ্ঞপ্তিযোগে সদৰি কৰিছে ।

সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)১৯৫৮ ৰ অধীনত অসমক 'অশান্ত অঞ্চল' ঘোষণা কৰা হৈছে । এই ঘোষণা কাৰ্যকৰী হোৱাৰ পিছতে সেনাই নিৰাপত্তাৰ খাতিৰত যিকোনো সন্দেহজনক ব্যক্তিক আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা লাভ কৰিব । আনহাতে, এই সিদ্ধান্তৰ বিৰোধিতা কৰি একাংশই ৰাজ্যখনৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনাইছে ।

লগতে পঢ়ক :অৱশেষত পিঞ্জৰাবদ্ধ হ'ল মালিগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী

ABOUT THE AUTHOR

...view details