নিউজ ডেস্ক, 18 আগষ্ট: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত পুনৰ নতুনকৈ 2,792 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 458 গৰাকী লোক কামৰূপ মেট্ৰ’ৰ হোৱাৰ বিপৰীতে কামৰূপ গ্ৰাম্যৰ আছে 195 গৰাকী, ডিব্ৰুগড়ৰ 225 গৰাকী আৰু কাছাৰৰ 227 গৰাকীকৈ লোক ৷
ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 49,510 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে ৷ য’ত 2,792 গৰাকী লোক ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷