নিউজ ডেস্ক, 2 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ বুধবাৰে নিশা পুনৰ 408 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা ৷
উদ্বেগজনক কথা এই যে, বিগত 24 ঘণ্টাত কেৱল গুৱাহাটী মহানগৰীতেই পঞ্জীকৃত কৰা হৈছে 378 টা কৰ’ণা পজিটিভৰ ঘটনা ৷
ইয়াৰ লগে-লগে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 8955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷
লগতে চাওক- স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা: শীঘ্ৰেই অসমত আৰম্ভ হ'ব প্লাজমা থেৰাপি