নিউজ ডেস্ক, 3 আগষ্ট: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ দেওবাৰৰ দিনটোত পুনৰ নতুনকৈ মুঠ 1178 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 268 গৰাকী হৈছে কামৰূপ মেট্ৰ’ৰ ৷
যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 19943 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে ৷ য’ত 1178 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷
ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 42904 গৰাকী ৷ আনহাতে দেওবাৰৰ দিনটোত 942 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 32384 গৰাকী ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 10412টা ঘটনা ৷ ইপিনে দিনটোত নতুনকৈ 4 গৰাকী লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 105 ৷
লগতে চাওক-শিলচৰত উত্তেজনাময় পৰিৱেশ