নিউজ ডেস্ক, 1 আগষ্ট: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ শনিবাৰে পুনৰ নতুনকৈ 1457গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 275 গৰাকী কামৰূপ মেট্ৰ’ৰ হোৱাৰ বিপৰীতে 136 গৰাকী ডিব্ৰুগড় জিলাৰ আৰু শোণিতপুৰ জিলাৰ হৈছে 116 গৰাকীকৈ লোক ৷
যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 27161 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে ৷ ইয়াৰে 1457 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷
ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 41726 গৰাকী ৷ আনহাতে শনিবাৰৰ দিনটোত 1085গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 31442 গৰাকী ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 10,180 টা ঘটনা ৷ ইপিনে দিনটোত নতুনকৈ 3 গৰাকী লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 101 গৰাকী ৷
লগতে চাওক-কোভিড-19ৰ সময়ত নগৰীয়া অঞ্চলত ভয়ানকভাৱে বৃদ্ধি পানীৰ ব্যৱহাৰ