নিউজ ডেস্ক, 29 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আহিছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1371 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷ ইয়াৰে কামৰূপ গ্ৰাম্যৰ 221 গৰাকী লোক থকাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 295 গৰাকী ৷
আনহাতে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 22876 গৰাকী নাগৰিকক ক’ভিড টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে ৷
বৰ্তমান ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা হৈছে 34947 গৰাকী ৷ অৱশ্যে মঙলবাৰৰ দিনটোত 1216 গৰাকীকৈ আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 26618 গৰাকী লোকে ৷
ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 8238 টা ঘটনা ৷ আনহাতে, বৰ্তমানলৈকে 88 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য লাভৰ শতকৰা হাৰ হৈছে 76.2 শতাংশ ৷
লগতে চাওক-ক'ভিড-19 য়ে কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে !