নিউজ ডেস্ক, 30 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 1348 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 127 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 348 গৰাকীকৈ লোক ৷
আনহাতে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 18941 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে এই তথ্য ৷
বৰ্তমানে ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 36295 গৰাকী ৷ অৱশ্যে বুধবাৰৰ দিনটোত 1214 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 27832 গৰাকীকৈ লোকে ৷
ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 8368 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে মৃত্যু হৈছে 92 গৰাকী লোকৰ ৷ বৰ্তমানে অসমৰ আৰোগ্য লাভৰ শতকৰা হাৰ হৈছে 76.77 শতাংশ ৷
লগতে চাওক-NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা